কলিয়াবৰ,২০ মাৰ্চ:ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতী-মানুহৰ সংঘাত । এইবাৰ নগাঁৱৰ কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন যুৱক । শুকুৰবাৰে বৰভগীয়া গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ।
কলিয়াবৰত হাতীৰ আক্ৰমণত নিহত এজন - elephant attack at kaliabor
নগাঁৱৰ কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত মনৰূপ মল্লিক নামৰ এজন যুৱক । শুকুৰবাৰে বৰভগীয়া গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ।
![কলিয়াবৰত হাতীৰ আক্ৰমণত নিহত এজন কলিয়াবৰত হাতীৰ আক্ৰমণত নিহত এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11086040-915-11086040-1616237765274.jpg)
কলিয়াবৰত হাতীৰ আক্ৰমণত নিহত এজন
প্ৰাতঃভ্ৰমণৰ বাবে গৈছিল মনৰূপ মল্লিক নামৰ যুৱকজন । কিন্তু সেই সময়তে বনৰীয়া হাতীৰ আক্ৰমণ কৰে তেওঁক । হাতীৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হোৱা মনৰূপক ততাতৈয়াকৈ জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
পিছত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয় যদিও মৃত্যুক সাৱটি লয় মনৰূপে । এই ঘটনাৰ পিছত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।
লগতে পঢ়ক:'কা' বাতিলৰ দাবীৰে ধেমাজিত ছাত্ৰ সন্থাৰ বাইক ৰেলী