অসম

assam

তৎপৰতা বাঢ়িছে বিদ্যুতৰ গ্ৰাহকৰ; কিন্তু কিয় ?

By

Published : Jul 17, 2021, 1:57 PM IST

শক্তি বিভাগৰ শক্তি প্ৰদৰ্শনৰ পাছতেই তৎপৰ বিদ্যুতৰ একাংশ গ্ৰাহক ৷ বিদ্যুতৰ বিল দিবলৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত ভীৰ বাঢ়িছে গ্ৰাহকৰ ৷ বিদ্যতৰ বিল পৰিশোধ কৰাৰ নামত কলিয়াবৰ বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ লানি নিচিগা ভীৰ ৷

Electricity Bill Payment at Kaliabor
তৎপৰতা বাঢ়িছে বিদ্যুতৰ গ্ৰাহকৰ

কলিয়াবৰ, 17 জুলাই :সষ্টম হৈ উঠিছে ৰাজ্যৰ শক্তি বিভাগ ৷ অসৎ বিদ্যুৎ গ্ৰাহকৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’বলৈ প্ৰস্তুত হৈছে অসম শক্তি বিতৰণ কোম্পানীসমূহ ৷ কলিয়াবৰটো অসম শক্তি বিতৰণ কোম্পানীয়ে সক্ৰিয় ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷

বিভিন্ন সময়ত ৰাজ্যৰ শক্তি বিভাগৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈ অহা পৰিলক্ষিত হৈছে ৷ কেতিয়াবা যদি বিদ্যুতৰ বিলৰ নামত বিসংগতি, কেতিয়াবা আকৌ বিদ্যুত থকা-নথাকাক লৈ সৃষ্টি হয় বিভিন্ন খাম-খিয়ালি ৷ কিন্তু ইয়াৰ মাজতে সক্ৰিয় হৈ পৰিছে ৰাজ্যৰ বিদ্যুৎ বিভাগ ৷ বিশেষকৈ নতুন চৰকাৰৰ কাৰ্যভাৰ লোৱাৰ পাছৰে পৰা যেন তীব্ৰবেগে গতি কৰিছে ৰাজ্যৰ শক্তি বিভাগে ৷

শক্তি বিভাগৰ শক্তি প্ৰদৰ্শন

নিয়মীয়াকৈ বিদ্যুতৰ মাচুল নিদিয়া সাধাৰণ জনসাধাৰণ, বাণিজ্যিক আৰু চৰকাৰী গ্ৰাহকৰ বিৰুদ্ধে শক্তি বিভাগক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৰাজ্য চৰকাৰে ৷ আনকি ঘৰে-ঘৰে গৈ বিদ্যুতৰ মাচুল নিদিয়া গ্ৰাহকৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা কাৰ্যও পূৰ্ণ গতিত চলি আছে ।

বৈদ্যুতিক বিল পৰিশোধ নকৰা গ্ৰাহকৰ ঘৰে-ঘৰে শক্তি বিভাগে শক্তি প্ৰদৰ্শন কৰাৰ পাছতেই গ্ৰাহকৰ মানসিকতাৰ লক্ষণীয়ভাৱে পৰিৱৰ্তন হোৱা দেখা গৈছে । ফলস্বৰূপে বিদ্যুতৰ বিল পৰিশোধ কৰিবৰ বাবে বৈদ্যুতিক কাৰ্য্যালয়ত ভীৰ কৰিছেহি বহু গ্ৰাহকে । কলিয়াবৰ বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়তো বিদ্যুতৰ বিল পৰিশোধ কৰিবৰ বাবে ৰাইজে লগাইছে হেতা-ওপৰা । প্ৰতিদিনাই পুৱাৰে পৰা শাৰী পাতি থিয় দিয়েহি অঞ্চলটোৰ বহু গ্ৰাহকে । আনকি কাৰ্যালয়টোৰ ভিতৰে-বাহিৰে হাতে-হাতে বৈদ্যুতিক বিল লৈ এতিয়া গ্ৰাহকে ভীৰ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:কেতিয়া নিৰ্মাণ হ’ব শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ !

ABOUT THE AUTHOR

...view details