নগাঁও,18 মাৰ্চ:নগাঁৱত নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষকৰ গুৰুত্বপূৰ্ণ বৈঠক । বৃহস্পতিবাৰে নগাঁও জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত আগন্তুক বিধানসভা নিৰ্বাচন, ২০২১ জিলাখনত স্বচ্ছ, মুক্ত আৰু নিকা ভাৱে ৰূপায়ণ কৰিবলৈ জিলাখনৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষকসকল আৰু আৰক্ষী পৰ্যবেক্ষকৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় । উক্ত সভাত নতুনকৈ স্থাপন হ’বলগীয়া ভোট কেন্দ্ৰ, নিৰ্বাচনত নিয়োজিত হবলগীয়া পুলিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ ওপৰত, নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিভিন্ন সভা-সমিতি পতা, শোভাযাত্ৰা উলিওৱা, গাড়ী ব্যৱহাৰ আদিৰ ওপৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা দিয়া অনুমতি, পোষ্টেল বেলট আৰু ক’ভিড মহামাৰীৰ সুৰক্ষাৰ আদিৰ বিষয় সম্পৰ্কে আলোচনা কৰে ।
ইয়াৰ উপৰিও ৰাজনৈতিক দলসমূহে ৰাজহুৱা স্থানত পোষ্টাৰ লগোৱা, প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ মাজত মতানৈক্য, প্ৰাৰ্থীয়ে ব্যৱহাৰ কৰা গাড়ীত দলীয় পতাকা লগোৱা, প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ব্যয়ৰ ওপৰত বিশদভাৱে আলোচনা কৰে আৰু পৰ্যবেক্ষকসকলে এটি ৱাটছ এপ গ্ৰুপ খুলিবলৈ পৰামৰ্শ আগবঢ়ায় । সভাত ৰিটাৰ্ণিং বিষয়া সকলক নিজ নিজ সমষ্টিৰ একোখনকৈ ভৌগোলিক মেপ প্ৰস্তুত কৰিবলৈ আৰু সকলোকে সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে লগতে পুলিং বিষয়া, ৰিটাৰ্ণিং বিষয়া, মাণ্ডলিক বিষয়া আৰু ক্ষেত্ৰ বিষয়াসকলৰ মাজত সু-সম্পৰ্ক বজাই ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায় ।