অসম

assam

ETV Bharat / state

নিৰ্বাচনী নীতি উলংঘা : বিজেপি প্ৰাৰ্থীৰ অকপট স্বীকাৰোক্তি

প্ৰচাৰৰ নামত নগাঁৱত নিৰ্বাচনী নীতি-নিয়ম উলংঘা কৰিছে একাংশ প্ৰাৰ্থী আৰু সমৰ্থকে । সাংবাদিকে প্ৰশ্ন কৰাত কেমেৰাৰ সন্মুখত নিজৰ ভুল স্বীকাৰ কৰে বিজেপি প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰে ৷

By

Published : Dec 9, 2020, 7:57 PM IST

election-rules-are-violated-in-the-tiwa-election-campaign
প্ৰচাৰৰ নামত নিৰ্বাচনী নীতি-নিয়ম উলংঘা

নগাঁও, 9 ডিচেম্বৰ :নগাঁও জিলাতঅনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্বশাসিত পৰিষদৰ দহটাকৈ সমষ্টিৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে কেইবাটাও ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে দলীয় নেতা কৰ্মীয়ে । কিন্তু প্ৰচাৰৰ নামত নগাঁৱত নিৰ্বাচনী নীতি-নিয়ম উলংঘা কৰিছে একাংশ প্ৰাৰ্থী আৰু সমৰ্থকে ।

প্ৰচাৰৰ নামত নিৰ্বাচনী নীতি-নিয়ম উলংঘা

নগাঁৱৰ পুখুৰী পাৰ তিৱা স্বায়ত্বশাসিত পৰিষদ এলেকাত কংগ্ৰেছ প্ৰাৰ্থী ৰূপামণি শইকীয়া ডেকা আৰু বিজেপি প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰে চলাইছে ব্যাপক প্ৰচাৰ ৷ কিন্তু প্ৰচাৰৰ নামত কংগ্ৰেছ, বিজেপি দুয়োগৰাকী প্ৰাৰ্থীয়ে প্ৰচাৰৰ পোষ্টাৰিং কৰিছে বিদ্যুতৰ খুঁটাত ।

অৰ্থাৎ পৰিষদীয় এলেকাটোৰ জলময়গাঁৱকে ধৰি বিভিন্ন এলেকাৰ বিদ্যুতৰ খুঁটাত পোষ্টাৰিং কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে দুয়োগৰাকীৰ প্ৰাৰ্থীৰ সমৰ্থকে । এই ক্ষেত্ৰত সাংবাদিকে প্ৰশ্ন কৰাত কেমেৰাৰ সন্মুখত নিজৰ ভুল স্বীকাৰ কৰে বিজেপি প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰে ৷

লগতে পঢ়ক:মাগুৰি মতাপুং বিললৈ আগমণ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ

ABOUT THE AUTHOR

...view details