জুৰীয়া ,27 মাৰ্চ : প্ৰথম পৰ্য্যায়ৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে প্ৰচাৰ অভিযান৷ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই কলিয়াবৰ লোকসভা সমষ্টিৰ ৰূপহীহাটৰ জুৰীয়া ব্লক কংগ্ৰেছৰ কৰ্মকৰ্তা সকলো ৷
নিৰ্বাচনী বিধি উলংঘা কৰি জুৰীয়াত চৰকাৰী মাটিত কংগ্ৰেছৰ কাৰ্য্যালয় - নিৰ্বাচনী বিধি উলংঘা কৰি চৰকাৰী মাটিত কংগ্ৰেছৰ কাৰ্য্যালয়
প্ৰশাসনৰ নিৰ্দেশত উচ্ছেদ হ'ল নিৰ্বাচনী কাৰ্যালয়
![নিৰ্বাচনী বিধি উলংঘা কৰি জুৰীয়াত চৰকাৰী মাটিত কংগ্ৰেছৰ কাৰ্য্যালয়](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2823402-951-a1c8b02e-cfe1-453b-937f-de2d2c4ea579.jpg)
Juria
নিৰ্বাচনী বিধি উলংঘা কৰি জুৰীয়াত চৰকাৰী মাটিত কংগ্ৰেছৰ কাৰ্য্যালয়
জুৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ নেতৃত্বত জুৰীয়া বজাৰৰ চৰকাৰী ভূমিত অধিগ্ৰহণ কৰি স্থাপন কৰিছিল এক নিৰ্বাচনী কাৰ্য্যালয় ৷ এজন লোকৰ পৰা এখন দোকান ভাৰাত লৈ দোকানৰ সন্মুখৰ বৃহৎ অংশৰ চৰকাৰী ভূমিত কাৰ্য্যালয় সংলগ্ন কৰি আৰি দিয়ে বৃহৎ বেনাৰ ৷বুধবাৰে নিৰ্বাচনী বিধি উলংঘা কৰি চৰকাৰী মাটিত কংগ্ৰেছ দলৰ কাৰ্য্যালয় নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰি কাৰ্যালয়টো ভাঙিবলৈ নিৰ্দেশ দিয়ে প্ৰশাসনে ৷