অসম

assam

লাহৰীঘাটৰ ভূৰাগাঁৱত উত্তপ্ত পৰিস্থিতি

By

Published : Apr 1, 2021, 3:13 PM IST

লাহৰীঘাটৰ ভূৰাগাঁৱৰ বালিকা মধ্য ইংৰাজী বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ অভিযোগ অনুসৰি নিৰ্দলীয় আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সৃষ্টি হয় এই হতাহতি ৷ দুই দলৰ সমৰ্থক সকলৰ মাজত হতাহতিৰ ফলত আহত হয় কৰ্তব্যৰত আৰক্ষী জোৱান ।

লাহৰীঘাটৰ ভূৰাগাঁৱত উত্তপ্ত পৰিস্থিতি
লাহৰীঘাটৰ ভূৰাগাঁৱত উত্তপ্ত পৰিস্থিতি

মৰিগাঁও, 1এপ্ৰিল:লাহৰীঘাটৰ ভূৰাগাঁৱৰ বালিকা মধ্য ইংৰাজী বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ অভিযোগ অনুসৰি নিৰ্দলীয় আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সৃষ্টি হয় এই হতাহতি ৷ দুই দলৰ সমৰ্থক সকলৰ মাজত হতাহতিৰ ফলত আহত হয় কৰ্তব্যৰত আৰক্ষী জোৱান ।

এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এজন কৰ্মীয়ে ভোটাৰ সকলৰ মাজত প্ৰচাৰ চলোৱাৰ সময়তে কংগ্ৰেছ কৰ্মীয়ে বাধা আৰোপ কৰাত সূত্ৰপাত হয় সংঘাতৰ ৷

লাহৰীঘাটৰ ভূৰাগাঁৱত উত্তপ্ত পৰিস্থিতি

এই সংঘাত নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতেই আহত হয় এগৰাকী কৰ্তব্যৰত আৰক্ষী জোৱান ৷ পৰৱৰ্তী সময়ত ভূৰাগাঁও আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।

লগতে পঢ়ক:জনতা ভৱনৰ পৰা পোনপটীয়া নিৰীক্ষণত ৫০ শতাংশ ভোটকেন্দ্ৰ

ABOUT THE AUTHOR

...view details