নগাঁও,05 জুন :বহু ঐতিহ্য বহন কৰি অহা নগাঁৱৰ পুৰণিগুদাম বৰমছজিদ ঈদগাহতো আজি উলহ মালহেৰে ঈদ উল ফিতৰ উদযাপন কৰা হয় ৷ অন্যান্য প্ৰান্তৰ লগতে পুৰণিগুদাম ঈদগাহতো ব্যাপক উছাহ উদ্দীপনা পৰিলক্ষিত হয় ৷
পুৰণিগুদামৰ ঐতিহাসিক বৰমছজিদত অনুষ্ঠিত ঈদ উল ফিতৰৰ নামাজ - ঈদ উল ফিতৰ
বহু ঐতিহ্য বহন কৰি অহা নগাঁৱৰ পুৰণিগুদাম বৰমছজিদ ঈদগাহত আজি উলহ মালহেৰে ঈদ উল ফিতৰ উদযাপন কৰা হয় ৷
পূৰ্বৰ বৰ্ষত ইদগাহত অনুষ্ঠিত হোৱা ঈদ উল ফিতৰৰ তুলনাত,আজি অনুষ্ঠিত হোৱা ইদত অধিক উৎসৱমুখৰ হৈ পৰিছে ৷ শতবর্ষ বৰ্ষ গৰকা এই বৰমছজিদৰ মিনাৰলৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে আহিছিল অশনি সংকেত ৷ অঞ্চলটোৰ হিন্দু মুছলমান লোকৰ তৎপৰতাত হাৰিয়ানাৰ এটা কোম্পানীয়ে অত্যাধুনিক কাৰিকৰী কৌশলেৰে অক্ষত অৱস্থাত মিনাৰটোৰ স্থানান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৷ মিনাৰ স্থানান্তৰৰ পিচত বুধবাৰে এই ঈদগাহত প্ৰথমটো ঈদৰ নামাজ অনুষ্ঠিত হয় ৷ দীৰ্ঘদিন ধৰি হিন্দু মুছলমানৰ সম্প্ৰীতিৰ বাৰ্তা বহন কৰি অহা পুৰণিগুদাম বৰমছজিদৰ এই মিনাৰ স্থানান্তৰৰ পিচত উৎফুল্লিত অঞ্চলবাসী ৷