নগাঁও, 5 নৱেম্বৰ :আলু, পিয়াঁজকে ধৰি পেট্ৰ'ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি তুলিছে সৰ্বসাধাৰণক । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।
বৃহস্পতিবাৰে সংগঠনটোৰ নগাঁও নগৰ সমিতিয়ে মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও চহৰৰ মাজমজিয়াৰে যোৱা মূলপথৰ ওপৰৰ নতুন বজাৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।