কলিয়াবৰ, 22 এপ্ৰিল : কলিয়াবৰৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যনুৰাগী হেমচন্দ্ৰ গোস্বামীৰ দেহাৱসান ৷ সকলোৰে মাজত জনপ্ৰিয় হেম গোস্বামীৰ মৃত্যুত কলিয়াবৰত শোকৰ ছাঁ পৰিছে ৷ বুধবাৰে বিয়লি 4 বজাত জখলাবন্ধাৰ বাণীপুৰৰ নিজ বাসগৃহত নব্বৈ বছৰীয়া শিক্ষাবিদ হেমচন্দ্ৰ গোস্বামীৰ পৰলোক প্ৰাপ্তি ঘটে ৷
কলিয়াবৰৰ শিক্ষা জগতখনৰ এগৰাকী অতি শ্ৰদ্ধাৰ ব্যক্তি প্ৰয়াত হেমচন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল 1932 চনৰ 23 জানুৱাৰীত বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত । ১৯৬০ চনত দৰং মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰয়াত গোস্বামীয়ে 1963 চনত জখলাবন্ধা উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষকৰূপে যোগদান কৰি কৰ্ম জীৱনৰ পাতনি মেলে । পৰ্যায়ক্ৰমে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱা জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1991 চনত অৱসৰ গ্ৰহণ কৰে । শিক্ষকৰূপে অতি আকৰ্ষণীয় পাঠদানেৰে সকলো ছাত্ৰ-ছাত্ৰীকে এক মধুৰ সোৱাদ দিবলৈ সক্ষম হৈছিল গোস্বামী ।
শিক্ষাবিদ হেমচন্দ্ৰ গোস্বামীৰ পৰলোক প্ৰাপ্তি তেখেতৰ গুণমুগ্ধ ছাত্ৰই এতিয়াও সেই পাঠদান সোঁৱৰণ কৰে । এগৰাকী সাহিত্যনুৰাগী প্ৰয়াত গোস্বামীয়ে 1989 চনৰ পৰাই কলিয়াবৰ সাহিত্য কাননৰ প্ৰতিষ্ঠাপক সভাপতি ৰূপে জড়িত আছিল । 2006 চনৰ পৰা 2010 চনলৈ কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল । প্ৰয়াত গোস্বামীৰ সুদীৰ্ঘ জীৱন পৰিক্ৰমাত শিক্ষা, আধ্যাত্মিক আৰু সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য বৰঙণীৰ স্বীকৃতিস্বৰূপে কলিয়াবৰৰ লগতে নগাঁও জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাজহুৱাকৈ সমৰ্ধনা জ্ঞাপন কৰিছে ।
মৃত্যুৰ বাতৰি পোৱাৰ লগে-লগে বাণীপুৰস্থিত বাসগৃহত হেমচন্দ্ৰ গোস্বামীৰ গুণমুগ্ধৰ উপস্থিতত কলিয়াবৰ শাখা সাহিত্য সভা, কলিয়াবৰ সাহিত্য কানন, কলিয়াবৰ লেখিকা সমাৰোহ, কৰ্মচাৰী পৰিষদ, জ্যেষ্ঠ নাগৰিক সন্থা, কলিয়াবৰ প্ৰেছ ক্লাৱ, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মিলন সংঘৰ লগতে কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গকে তথা ব্যক্তিয়ে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শিক্ষাবিদ গোস্বামীয়ে মৃত্যুৰ সময়ত একমাত্ৰ পুত্ৰ-বোৱাৰী, দুগৰাকীকৈ জী-জোঁৱাই আৰু নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায় ।
লগতে পঢক :কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ