অসম

assam

ETV Bharat / state

Gunotshav 2023 results: গুণোৎসৱত উন্নত ফলাফল দেখুৱাব নোৱাৰা বিদ্যালয়ৰ বাবে শুধৰণি ব্যৱস্থা ল’ব শিক্ষামন্ত্ৰীয়ে - জনজাতীয় অতিথি শালা

‘গুণোৎসৱত উন্নত ফলাফল দেখুৱাবলৈ সক্ষম নোহোৱা বিদ্যালয়সমূহৰ শুধৰণি কৰা হ'ব । পূৰ্বেও শুধৰণি কৰা বিদ্যালয়ে এইবাৰ ভাল ফলাফল প্ৰদৰ্শন কৰিছে’, নগাঁৱত জনজাতীয় অতিথিশালাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য শিক্ষামন্ত্ৰীৰ (Ranoj Pegu statement on gunotsav) ৷

gunotsav result 2023
শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু

By

Published : Apr 28, 2023, 9:47 PM IST

শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু

নগাঁও, 28 এপ্ৰিল :নগাঁৱত জনজাতীয় অতিথিশালাৰ শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ শুকুৰবাৰে এই উদ্বোধনী অনুষ্ঠান সুকলমে পাৰ হৈ যায় ৷ উক্ত অনুষ্ঠানত ইতিমধ্যে ঘোষণা কৰা গুণোৎসৱৰ ফলাফলক লৈ মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীয়ে ৷

শুকুৰবাৰে নগাঁৱত জনজাতীয় অতিথি শালা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Ranoj Pegu visits Nagaon) । অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত অসম চৰকাৰৰ পুঁজিৰে নিৰ্মিত মৰিগাঁও, হোজাই জিলাৰ লগতে নগাঁৱৰ জনজাতীয় অতিথিশালা শুকুৰবাৰে শুভ উদ্বোধন কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । তিনিখনকৈ জিলাত জনজাতীয় অতিথি শালা নিৰ্মাণ সম্পূৰ্ণ হোৱাত জনজাতীয় লোকসকলৰ দীৰ্ঘদিনীয়া এক সমস্যা সমাধান হোৱা বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

চৰকাৰী পুঁজিৰে নিৰ্মিত জনজাতীয় অতিথি শালা পৰিচালনাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ডাঃ ৰণোজ পেগুৱে । ভিতৰুৱা গ্ৰামাঞ্চলৰ জনজাতীয় ৰোগী অথবা ছাত্ৰ-ছাত্ৰীয়ে চহৰত স্থাপন হোৱা এই অতিথিশালাৰ জৰিয়তে উপকৃত হ'ব বুলিও মন্তব্য কৰে তেওঁ । জনজাতীয় অতিথিশালা উদ্বোধন কৰি সংবাদ মাধ্যমৰ সন্মুখত গুণোৎসৱৰ ফলাফলক লৈয়ো মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে (Ranoj Pegu statement on gunotsav) ।

এইবাৰ গুণোৎসৱত উন্নত ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰা বিদ্যালয়সমূহৰ শুধৰণিৰ ব্যৱস্থা কৰা হ'ব বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । বিগত সময়তো গুণোৎসৱত উন্নত ফলাফল দেখুৱাব নোৱাৰা কামৰূপ মেট্ৰ'কে ধৰি কেইবাখনো জিলাৰ বিদ্যালয়ৰ শুধৰণিৰ ব্যৱস্থা কৰা হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত সেইসমূহ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নত হৈছে । এইবাৰ গুণোৎসৱত পূৰ্বে শুধৰণিৰ ব্যৱস্থা কৰা বিদ্যালয়ৰ ফলাফল উন্নত হোৱা বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (gunotsav result 2023) ।

লগতে পঢ়ক :Andhra suicide case: পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাচতেই অন্ধ্ৰপ্ৰদেশত ৯ গৰাকী শিক্ষাৰ্থীৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details