অসম

assam

অসমত অসমীয়া ভাষা শিক্ষাৰ মাধ্যম ৰূপেই বৰ্তি থাকিব: ডাঃ ৰণোজ পেগু

By

Published : May 17, 2022, 8:57 PM IST

অসমত অসমীয়া ভাষা শিক্ষাৰ মাধ্যম ৰূপেই বৰ্তি থাকিব ৷ কিন্তু ষষ্ঠ শ্ৰেণীৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী ভাষাৰ শিক্ষা প্ৰদানৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰাৰ এক লক্ষ্য হাতত লৈছে অসম চৰকাৰে ৷ মঙলবাৰে কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত (Closing ceremony of golden jubilee celebration of Kaliabor college is over) উপস্থিত থাকি এই মন্তব্য কৰে ডাঃ ৰণোজ পেগুয়ে ৷

Closing ceremony of golden jubilee celebration of Kaliabor college is over
অসমত অসমীয়া ভাষা শিক্ষাৰ মাধ্যম ৰূপেই ৱৰ্তী থাকিব : ডাঃ ৰণোজ পেগু

কলিয়াবৰ, 17 মে’ : ‘‘গুণগত শিক্ষা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত কৃতকাৰ্য হ'ব পৰাকৈ ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰক ৷ অসমীয়া ভাষাক দূৰ্বল কৰিবলৈ চৰকাৰৰ কোনো লক্ষ্য নাই ৷ অসমীয়া ভাষা অসমত শিক্ষাৰ মাধ্যম ৰূপে প্ৰচলন হৈ থাকিব’’ । কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে (Education Minister at Kaliabor) ৷

ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, অসমত অসমীয়া ভাষা শিক্ষাৰ মাধ্যম ৰূপেই বৰ্তি থাকিব, তাত কোনো সন্দেহ নাই । কিন্তু ষষ্ঠ শ্ৰেণীৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী ভাষাৰ শিক্ষা প্ৰদানৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰাৰ এক লক্ষ্য হাতত লৈছে অসম চৰকাৰে ৷

অসমত অসমীয়া ভাষা শিক্ষাৰ মাধ্যম ৰূপেই ৱৰ্তী থাকিব : ডাঃ ৰণোজঅসমত অসমীয়া ভাষা শিক্ষাৰ মাধ্যম ৰূপেই ৱৰ্তী থাকিব : ডাঃ ৰণোজ পেগু পেগু

উল্লেখ্য যে, মঙলবাৰে অনুষ্ঠিত হৈ যায় কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান (Closing ceremony of golden jubilee celebration of Kaliabor college) ৷ সামৰণিৰ এই অনুষ্ঠানত মুখ্য অতিথি স্বৰূপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিশিষ্ট অতিথি কৃষি মন্ত্ৰী অতুল বৰা ৷

লগতে কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ মুকলি সভাখনিৰ সভাপতিত্ব কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ সমিতিৰ সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ।

লগতে পঢ়ক :কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান সম্পন্ন

ABOUT THE AUTHOR

...view details