অসম

assam

By

Published : Oct 22, 2019, 5:17 AM IST

ETV Bharat / state

কলিয়াবৰ মহাবিদ্যালয়ত ইক' টুৰিজিমৰ সম্ভাৱনীয়তাৰ ওপৰত বক্তৃতা অনুষ্ঠান

কলিয়াবৰ মহাবিদ্যালয়ত ইক' টুৰিজিমৰ সম্ভাৱনীয়তাৰ সম্পৰ্কে বক্তৃতা অনুষ্ঠান ৷ নাহৰকটীয়াৰ "চাচনি মেৰবিল পৰ্যটন ক্ষেত্ৰ"ৰ সঞ্চালক মণিমানিক গগৈয়ে অনুষ্ঠানটিত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে ।

কলিয়াবৰ মহাবিদ্যালয়ত ইক' টুৰিজিমৰ সম্ভাৱনীয়তাৰ ওপৰত বক্তৃতা অনুষ্ঠান


কলিয়াবৰ, 21 অক্টোবৰঃকলিয়াবৰ মহাবিদ্যালয়ত ইক' টুৰিজিমৰ সম্ভাৱনীয়তাৰ সম্পৰ্কে বক্তৃতা অনুষ্ঠান ৷ মহাবিদ‍্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজিত কৰা হৈছে এই বিশেষ অনুষ্ঠানৰ ৷ ডিব্ৰুগড়ৰ জিলাৰ নাহৰকটীয়াৰ "চাচনি মেৰবিল পৰ্যটন ক্ষেত্ৰ"ৰ সঞ্চালক মণিমানিক গগৈয়ে অনুষ্ঠানটিত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে । তেখেতে সংযুক্ত মুক্তি বাহিনী অসমৰ সদস‍্য ৰূপে সাত বছৰ সংগ্ৰাম কৰাৰ পাছত মূল সুঁতিলৈ ঘুৰি আহি চাচনি মেৰবিল অঞ্চলত এখন পৰিত্যক্ত বিলক কেন্দ্ৰ কৰি কিদৰে এক জৈৱ-বৈচিত্ৰৰে ভৰপূৰ সফল পৰ্যটন ক্ষেত্ৰ গঢ় দিছে সেই বিষয়ে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে । লগতে তেখেতে অসমত ইক' টুৰিজিমৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা থকা বুলি মত পোষণ কৰে আৰু নৱ-প্ৰজন্মৰ যুৱক-যুৱতীসকলক কেৱল চৰকাৰী চাকৰিমুখী নহৈ ব্যতিক্ৰমী চিন্তাধাৰাৰে আত্ম-সংস্থানৰ বাট মুকলি কৰাৰ সপোন দেখিবলৈ আহ্বান জনায়। অনুষ্ঠানটিত কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিৰণ্য কুমাৰ চলিহাই বক্তব্য প্ৰদান কৰি মণিমানিক গগৈৰ দৰে ব্যক্তিত্ব সমাজৰ বাৱে আদৰ্শ বুলি কয় । তেখেতে ছাত্ৰ-ছাত্ৰী সকলক অন্য ৰাজ্যত গৈ চাকৰি বিচাৰি হাবাথুৰি খোৱাতকৈ পৰ্যটনৰ ক্ষেত্ৰত থকা বিপুল সম্ভাৱনীয়তাৰ মাজতে আত্মসংস্থাপনৰ বাট বিচাৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসহ প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে ।

কলিয়াবৰ মহাবিদ্যালয়ত ইক' টুৰিজিমৰ সম্ভাৱনীয়তাৰ ওপৰত বক্তৃতা অনুষ্ঠান

ABOUT THE AUTHOR

...view details