নগাঁও,28 এপ্ৰিল :সমগ্ৰ অসমৰ লগতে নগাঁও জিলাতো বুধবাৰে পুৱা ৭:৫১ মান বজাত 6.7 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ৷ ভূমিকম্পৰ পিছতেই নগাঁও জনসংযোগ বিভাগে সন্ধিয়া এক প্ৰেছ বিবৃতিত উল্লেখ কৰা মতে, নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ কাঠমিল চাৰিআলিৰ এটি সুউচ্চ অট্টালিকা ভূমিকম্পৰ ফলত হাউলি যোৱা বুলি বিভিন্ন ফটোৱে সংবাদ শিৰোনাম দখল কৰিলে আৰু তীব্ৰ গতিত প্ৰচাৰিত হৈ পৰিল ৷ নগাঁও জিলা প্ৰশাসন আৰু PWD বিভাগৰ সহযোগত ততাতৈয়াকৈ এই বিষয়টো অনুসন্ধান কৰা হয় ৷
প্ৰকৃততে ভূমিকম্পত হেলনীয়া হোৱা নাছিল নেকি নগাঁও চহৰৰ অট্টালিকাটো ! - nagaon earthquake
ভূমিকম্পত হাউলি পৰা বুলি চৰ্চিত নগাঁৱৰ বিশেষ অট্টালিকাটো প্ৰকৃততে কিয় হাউলি পৰিছিল ? ক্ষেত্ৰভিত্তিত অনুসন্ধাত কি পালে বিভাগীয় অভিযন্তাই ?
অনুসন্ধান আৰু PWD বিভাগৰ অভিযন্তাৰ ক্ষেত্ৰ পৰিদৰ্শনৰ পিছত দেখা পোৱা গ’ল যে অট্টালিকাটো মুখ্যতঃ, ভূমিকম্পৰ ফলত হাউলি যোৱা নাছিল বৰঞ্চ দুয়োটা অট্টালিকাই ত্ৰুটিপূৰ্ণভাৱে নিৰ্মাণ কৰা হৈছিল ৷ দুয়োটা অট্টালিকাই ভৱন নিৰ্মাণ আইন উলংঘা কৰিছে বুলিও উল্লেখ কৰে অভিযন্তাই ৷ সন্মুখভাগৰ বাহিৰে বাকী তিনিওটা কাষ সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰা হোৱা নাছিল ৷ এই প্ৰসংগত জিলা প্ৰশাসনে পৌৰ সভাৰ জৰিয়তে দুয়োটা অট্টালিকাৰ স্বত্বাধিকাৰীলৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছে ৷
লগতে পঢ়কঃ চুমিলা ৰংহাঙপীৰ বাসগৃহত উপস্থিত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য