নগাঁও, 9 মে : লক্ ডাউনৰ সময়ছোৱাত ক্ষতিৰ সন্মুখীন হোৱাৰ বিপৰীতে অধিক লাভৱান হৈছে বঢ়মপুৰৰ হাতীয়নিভেটাৰ কৃষক নৱজ্যোতি নাথ। পেচাত এজন মৌ পালক নৱজ্যোতি নাথ । ১৯৬৭ চনৰ পৰা পিতৃয়ে আৰম্ভণি কৰা মৌ পালনত নিজকে নিয়োগ কৰিছে লোকজনে । পিতৃৰ পৰা লাভ কৰা অভিজ্ঞতাৰে মৌ পালনৰ কাম আৰম্ভ কৰি বৰ্তমান মৌ পালনেৰেই স্বাৱলম্বী হৈছে নৱজ্যোতি নাথ ।
লক্ ডাউনে ইতিবাচক প্ৰভাৱ পেলাইছে মৌ-পালনত - During the lockdown bee production is increasing faster than before in Nagaon
১৯৬৭ চনৰ পৰা পিতৃয়ে আৰম্ভণি কৰা মৌ পালনত নিজকে নিয়োগ কৰি আহিছে লোকজনে । পিতৃৰ পৰা লাভ কৰা অভিজ্ঞতাৰে মৌ পালনৰ কাম আৰম্ভ কৰি বৰ্তমান মৌ পালনেৰেই স্বাৱলম্বী হৈছে নৱজ্যোতি নাথ ।
মৌ পালকসকলৰ ওপৰত লক্ ডাউনৰ ইতিবাচক প্ৰভাৱ
মৌ পালন কৰি নিজ ঘৰতে মৌ উৎপাদন কৰে লোকজনে । উল্লেখ্য যে, লক্ ডাউনৰ সময়ছোৱাত পূৰ্বতকৈ মৌ উৎপাদন বৃদ্ধি পাইছে বুলি অৱগত কৰিছে মৌ পালক নৱজ্যোতি নাথে । পূৰ্বৰ তুলনাত দুগুণ বৃদ্ধি পাইছে মৌ উৎপাদন। যি সময়ত ৰাজ্যৰ কৃষকসকল লক্ ডাউনৰ ফলত জুৰুলা হৈ পৰিছে তেনে সময়তে উৎপাদন বৃদ্ধি কৰি আশাৰ বতৰা কঢ়িয়াই আনিছে এইজন কৃষক নৱজ্যোতি নাথে।
TAGGED:
Honeybee farmer