কলিয়াবৰ, 6জুন : দেশত এতিয়া মহামাৰী ক’ৰণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই বিশেষ তৎপৰতা গ্ৰহণ কৰি আহিছে ৷ তাৰমাজতে দেওবাৰে ১০০ খন বিচনাযুক্ত নৱ-নিৰ্মিত জখলাবন্ধা হাস্পতালত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী গৰাকী ৷ চিকিৎসালয়খনত উপস্থিত হৈ নিৰ্মাণ কাৰ্য শীঘ্ৰেই সমাপ্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী গৰাকী ।
আনহাতে, পুৰণি জখলাবন্ধা হাস্পতালৰ কাম-কাজৰ বুজ লোৱাৰ লগতে হাস্পতালখন উন্নত কৰাৰ কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । পুৰণি হাস্পতালখনক শীঘ্ৰেই নতুন ৰূপ দিয়াৰ ইংগিত প্ৰদান স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।