অসম

assam

ETV Bharat / state

ঐক্যতান : মণিৰ উদ্দিনৰ হাতৰ পৰশত প্ৰাণ পালে কাঠৰ দুৰ্গা প্ৰতিমাই

যি সময়ত সাম্প্ৰদায়িক বিষ বাষ্পই চৌদিশ ছানি ধৰাৰ উপক্ৰম হৈছে, এনে সময়তে অসম আৰক্ষীৰ দুই জোৱানে দেখুৱাইছে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন । হিন্দু আৰু মুছলিম ধৰ্মাৱলম্বী দুই আৰক্ষী জোৱানে কাঠেৰে নিৰ্মাণ কৰিছে দেৱী দুর্গাৰ প্ৰতিমা । কাঠেৰে নিৰ্মাণ কৰা স্থায়ী প্ৰতিমাৰে দুৰ্গোৎসৱ আয়োজনৰ ব্যাপক প্ৰস্তুতি চলিছে নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত ।

By

Published : Oct 6, 2021, 8:04 PM IST

Updated : Oct 7, 2021, 2:09 PM IST

শাৰদীয় দুৰ্গোৎসৱৰ বাবে ব্যস্ত মণিৰ উদ্দিন
শাৰদীয় দুৰ্গোৎসৱৰ বাবে ব্যস্ত মণিৰ উদ্দিন

নগাঁও,6 অক্টোবৰ : শৰতৰ বোকোচাত উঠি নিয়ৰ সিক্ত দুবৰিৰ মাজেৰে ধৰালৈ আহিছে শাৰদী ৰাণী দেৱী দুৰ্গা ৷ ধৰাৰ নৈসৰ্গিক প্ৰাকৃতিক দৃশ্যই যেন সকলোৰে মনত তুলিছে আনন্দৰ জোৱাৰ ৷ সকলো ব্যস্ত কেৱল দুৰ্গা পূজাক লৈ । মহালয়াৰ পবিত্ৰ দিনৰ পৰাই ঢাক-ঢোলেৰে মুখৰিত হ’ব দেশ তথা ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপ ৷ ইয়াৰ মাজতে আমি ক’বলৈ লৈছো অসম আৰক্ষীৰ এখন বিশেষ পূজা মণ্ডপ ৷ য'ত আছে সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ নিদৰ্শন ৷

দুই আৰক্ষীয়ে দেখুৱাইছে এই সম্প্ৰীতিৰ অনন্য নিদৰ্শন ৷ আমি কৈ থকা সেই বিশেষ পূজা ভাগ হৈছে বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ স্থায়ী পূজা মণ্ডপৰ । দেৱী দুৰ্গাক সেৱা জনাই মন্দিৰত প্ৰৱেশ কৰিছে এজন মুছলমান সম্প্ৰদায়ৰ লোকে ৷ মুছলমান সম্প্ৰদায়ৰ লোকজন পেচাগত ভাৱে অসম আৰক্ষীৰ এগৰাকী জোৱান । নাম মণিৰ উদ্দিন ।

ঐক্যতান : মণিৰ উদ্দিনৰ হাতৰ পৰশত প্ৰাণ পালে কাঠৰ দুৰ্গা প্ৰতিমাই

প্ৰথমে দেৱীক সেৱা, তাৰ পাচত প্ৰৱেশ পূজা মণ্ডপৰ ভিতৰত । তাৰ পিছতেই হাতত কাপোৰ এটুকুৰা লৈ দেৱীৰ প্ৰতিমা চাফাই কৰাত ব্যস্ত মণিৰ উদ্দিন । কিয়নো সমাগত শাৰদীয় দুৰ্গোৎসৱ । সেয়ে এতিয়া দেৱী দুর্গাৰ লগতে আন প্ৰতিমা সমূহ চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে নৱম অসম আৰক্ষীত কৰ্মৰত মণিৰ উদ্দিনে ।

সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে মণিৰ উদ্দিনে ৷ মণিৰ উদ্দিন আৰু পংকজ মহন্তই নিৰ্মাণ কৰিছে দেৱী দুর্গাৰ এই স্থায়ী প্ৰতিমা । চন ২০১৪ ৰ কথা । সেই সময়ৰ নৱম অসম আৰক্ষীৰ অধিনায়কৰ পৰামৰ্শ মতেই পংকজ মহন্ত আৰু মণিৰ উদ্দিনে কাঠেৰে আৰম্ভ কৰিছিল দেৱীৰ স্থায়ী প্ৰতিমা নিৰ্মাণৰ কাম ।

ছেছু আৰু নিম গছৰ কাঠ ব্যৱহাৰ কৰি মাত্ৰ ছমাহৰ ভিতৰতে সম্পূৰ্ণ কৰিছিল প্ৰতিমা নিৰ্মাণৰ কাম । নিজ কৰ্তব্য পালন কৰিও মাত্ৰ ছমাহৰ ভিতৰত দেৱী দুর্গাৰ লগতে কাৰ্তিক, সৰস্বতী, লক্ষ্মী আদি প্ৰতিমাও নিৰ্মাণ কৰিছিল এই দুই আৰক্ষীয়ে ৷ নিজৰ কৰ্তব্য পালন কৰি জিৰণিৰ সময়ত প্ৰতিমা নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছিল পংকজ মহন্ত আৰু মণিৰ উদ্দিন নামৰ এই দুই আৰক্ষীয়ে ।

সকলোকে মনৰ পৰা সাম্প্ৰদায়িকতা পৰিহাৰ কৰি সম্প্ৰীতিৰ এনাজৰী অধিক শক্তিশালী কৰিবলৈও আহ্বান জনাই আৰক্ষী বিষয়া পংকজ মহন্তই ৷ সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে মণিৰ উদ্দিন আৰু পংকজ মহন্তই ৷ মণি-পংকজৰ সম্প্ৰীতিৰ এই এনাজৰীডাল আৰু দৃঢ় হওক ৷ দেশৰ পৰা নাইকীয়া হওক অশুভ শক্তি ৷

লগতে পঢ়ক :সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন : শিৱসাগৰৰ দেৱী দৌল আৰু দৌল্লা পৰিয়ালৰ পৰম্পৰা

Last Updated : Oct 7, 2021, 2:09 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details