নগাঁও,20 ফেব্ৰুৱাৰী :নগাঁৱৰ মিছাত চোৰ হ'ল এখন ডাম্পাৰ ৷ চামগুৰি থানাৰ অন্তৰ্গত মিছা পেট্ৰল পাম্পৰ পৰা নিশা এখন ডাম্পাৰ চুৰি হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
নিশা পেট্ৰল পাম্পত ৰখাই থোৱাৰ পৰাই চুৰি হ'ল ডাম্পাৰখন । নিৰ্মীয়মান চাৰিলেনযুক্ত পথৰ কাম কৰিবলৈ মিছাৰ বীৰ হুছেইন নামৰ ব্যক্তিগৰাকীয়ে ডাম্পাৰখন চামগুৰিৰ বাজিয়া গাঁৱৰ পৰা ভাড়াত অনা বুলি জানিব পৰা গৈছে ৷