অসম

assam

ETV Bharat / state

বিধ্বস্ত পথেৰে চিকিৎসালয় পোৱাৰ আগতেই প্ৰাণ হেৰুৱালে প্ৰসূতিয়ে - pathetic road news

কাৰ্বি স্বায়ত্ব শাসনৰ ফোঁপোলা স্বৰূপ ৷ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু গৰ্ভৱতী মহিলাৰ ৷ বাৰিষা কালৰ বিধ্বস্ত বাট-পথৰ বাবে নগাঁও জিলাৰ সীমা মূৰীয়া কাৰ্বি ৰাইজৰ বিলায়-বিপত্তি নুগুচা হৈছে৷ এচাম কাৰ্বি জনপ্ৰতিনিধিয়ে সোঁৱে-বাঁৱে উদৰস্থ কৰিছে জনতাৰ উন্নয়নৰ আঁচনিৰ ধন ৷

pregnant woman
চিকিৎসালয় পোৱাৰ আগতেই প্ৰাণ হেৰুৱালে প্ৰসূতিয়ে

By

Published : Aug 19, 2021, 10:29 PM IST

কলিয়াবৰ, 19 আগষ্ট :কলিয়াবৰৰ কুঠৰীৰ সীমান্তৰ কাৰ্বি-আংলং জিলাৰ চুচেং-ধেণ্টা পৰিষদীয় সমষ্টিৰ ৰঙাগড়া অঞ্চলৰ বাট-পথে দাঙি ধৰিছে উন্নয়নৰ প্ৰকৃত স্বৰূপ । বিধ্বস্ত পথৰ বাবে চিকিৎসালয়ৈ নিয়াৰ পথতে মৃত্যুক সাৱটিলে গৰ্ভৱতী মহিলাই । এখন বাহনত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ৰংবং তিমুং গাঁৱৰ কাচে ইংতিপি নামৰ গৰ্ভৱতী মহিলাগৰাকীৰ ।

জৰুৰীকালীন সময়ত ৰোগীক বোকাময় পথেৰে নিব লগা হৈছে চল্লিশ কিলোমিটাৰ দূৰত্বৰ জখলাবন্ধা চিকিৎসালয়লৈ । জৰাজীৰ্ণ পথৰ বাবে সময়মতে চিকিৎসালয়লৈ নিব নোৱাৰাৰ ফলত আদবাটতে অকাল মৃত্যুক সাৱটিলে গৰ্ভৱতী মহিলাগৰাকীয়ে ।

চিকিৎসালয় পোৱাৰ আগতেই প্ৰাণ হেৰুৱালে প্ৰসূতিয়ে

বাটপথৰ উন্নয়নৰ দিশত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ "চুচেঙ-ধেণ্টা" পৰিষদীয় সমষ্টিৰ বিৰুদ্ধে । এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হোৱা ঘটনাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক গৰিহণা দিছে কাৰ্বি ছাত্ৰ সন্থাই ।

লোক নিৰ্মাণ বিভাগক প্ৰত্যাহ্বান জনায় বোকাময় পথেৰে প্ৰতিদিনে যাতায়ত অব্যাহত ৰাখিছে চুচেং-ধেণ্টা পৰিষদীয় সমষ্টিৰ কুৰিখনৰো অধিক গাঁৱৰ বাসিন্দাই । বাট-পথৰ দুৰাৱস্থাই উন্মোচিত কৰিছে অঞ্চলটোৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ । তাৰ বিপৰীতে এচাম জনপ্ৰতিনিধিয়ে সোঁৱে-বাঁৱে উদৰস্থ কৰিছে জনতাৰ উন্নয়নৰ আঁচনিৰ ধন ।

উল্লেখযোগ্য যে, কিছু দিনৰ পূৰ্বে একেটা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এখন গাঁৱৰ এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাত কঢ়িয়াই জখলাবন্ধা চিকিৎসালয়লৈ অনাৰ বাতৰি প্ৰকাশ পাইছিল ।স্থানীয় বাসিন্দা তথা কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিধিৰ অভিযোগ মতে, সমষ্টিটোৰ বাট-পথৰ উন্নয়নত কোনো গুৰুত্ব আৰোপ নকৰাৰ ফলতেই এনে দুৰ্ভাগ্যজনক ঘটনা ঘটিছে ।

লগতে পঢ়ক :HIV ৰ গ্ৰাসত নগাঁও; 84 গৰাকীৰ দেহত মাৰাত্মক বীজাণু

ABOUT THE AUTHOR

...view details