ৰূপহীহাট,৫ মে': প্ৰতিদিনে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অপ্ৰতিৰোধ্যভাৱে মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে । কৰ'ণাৰ দ্বিতীয় ঢৌৱে দেশৰ লগতে ৰাজ্যতো সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো বিদ্যালয়-মহাবিদ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আদি ২ বজাৰ পৰা বন্ধ কৰিবলৈ নতুন নিৰ্দেশনা মঙলবাৰে জাৰি কৰে ।
নতুন ক'ভিড নীতি অনুসৰি, দিনৰ ২ বজাতে সকলো দোকান-পোহাৰ বন্ধ কৰিব লাগিব আৰু সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈকে নৈশ সান্ধ্য আইন বলৱৎ থাকিব । এই নীতি অনুসৰিয়েই বুধবাৰে ৰূপহীহাট আৰক্ষীৰ তৎপৰতাত বন্ধ হ'ল ৰূপহীৰ সাপ্তাহিক বজাৰ ।