অসম

assam

ETV Bharat / state

জুৰীয়াৰ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াৰ বিলৈ

কলিয়াবৰ লোকসভা সমষ্টিৰ জুৰীয়া ভোটদান কেন্দ্ৰত নিৰ্বাচনৰ দায়িত্বত ৰখা হৈছিল চন্দ্ৰমণি চমুৱা নামৰ বিষয়াগৰাকীক ৷ কিন্তু বুধবাৰে সন্ধিয়া লগৰীয়াৰ লগত অলপ গিলিছিল বাবেই নিচা শেষ হোৱাই নাই বৃহস্পতিবাৰেও

জুৰীয়াৰ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াৰ বিলৈ

By

Published : Apr 11, 2019, 5:43 PM IST

নগাঁও,11 এপ্ৰিলঃ নিৰ্বাচনৰ দায়িত্বত থকা এগৰাকী বিষয়াৰ বিলৈ । জুৰীয়াৰ সুঁতিৰপাৰত থকা ভোটকেন্দ্ৰৰ দায়িত্বত থকা বিষয়াগৰাকী একো ক'ব নোৱাৰা অৱস্থা । মূৰ ঘূৰাই পৰি আঘাতপ্ৰাপ্ত পেছাত শিক্ষক চন্দ্ৰমণি চমুৱা নামৰ বিষয়াগৰাকী। উল্লেখ্য যে, প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা কলিয়াবৰ লোকসভা সমষ্টিৰ জুৰীয়া ভোটদান কেন্দ্ৰত নিৰ্বাচনৰ দায়িত্বত ৰখা হৈছিল চন্দ্ৰমণি চমুৱা নামৰ বিষয়াগৰাকীক ৷ কিন্তু বুধবাৰে সন্ধিয়া লগৰীয়াৰ লগত অলপ গিলিছিল বাবেই নিচা শেষ হোৱাই নাই বৃহস্পতিবাৰেও ৷ যাৰ বাবে ভোট কেন্দ্ৰৰ সন্মুখতেই মূৰ ঘূৰাই পৰি থাকিল বিষয়াগৰাকী ৷ যাৰ ফলত সামান্য পৰিমাণে আঘাতপ্ৰাপ্তও হয় বিষয়াগৰাকী ৷ আনহাতে, কি হৈছে কেনেকৈ হৈছে একোৱেই ক'ব নোৱাৰে চমুৱা ছাৰে । কিন্তু হাফ এটা চাৰিজনে খোৱাৰ কথা ভালকৈয়ে ক'লে ছাৰে ৷ ভোট কেন্দ্ৰৰ সন্মুখত মূৰ ঘূৰাই পৰাৰ পাচতেই আৰক্ষীয়ে বহুৱাই থয় লোকজনক ৷

জুৰীয়াৰ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াৰ বিলৈ

ABOUT THE AUTHOR

...view details