ৰহা, 20 অক্টোবৰ :নগাঁৱত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ জিলাখনক ড্ৰাগছমুক্ত কৰিবলৈ বদ্ধপৰিকৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰও ৷ এই ধাৰাবাহিক অভিযানৰ মাজতে বুধবাৰে পুৱতি নিশা ৰহাৰ চাপৰমুখ ৰে’ল ষ্টচনত উদ্ধাৰ হয় 120 গ্ৰাম হেৰ’ইন ৷ জব্দকৃত হেৰ’ইন খিনিৰ মূল্য প্ৰায় 80 লাখ বুলি জানিব পৰা গৈছে ৷
ডিমাপুৰৰ পৰা ৰে'লেৰে আহি থকা অৱস্থাতে ড্ৰাগছ সহ এগৰাকী মহিলাৰ লগতে তিনিজনকৈ লোকক আটক কৰে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা ৰছিদুল হক, আইনুল হক, ৱাদিকুল ইছলাম আৰু চিতাৰা বেগম বুলি চিনাক্ত কৰা হৈছে ৷ আটাইৰে ঘৰ নগাঁৰ ধানভেটিত ৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ড্ৰাগছ সৰৱৰাহকাৰী কেইটাৰ ভিতৰত আইনুল হক আছিল আৰক্ষীৰ ম’ষ্ট ৱান্টেড ৷ ইয়াৰ পূৰ্বেও আইনুলৰ বিৰুদ্ধে থানাত ৰুজু হৈ আছে গোচৰ ৷ এই কথা প্ৰকাশ কৰিছে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক ধ্ৰুৱ বৰাই ৷