অসম

assam

By

Published : Jul 20, 2020, 7:44 PM IST

ETV Bharat / state

ড্ৰাগছৰ সৈতে জখলবন্ধাত গ্ৰেপ্তাৰ চাৰি ড্ৰাগছ সৰবৰাহকাৰী

ৰাজ‍্যত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে অভিযানকালত জব্দ কৰে ড্ৰাগছৰ লগতে অনান‍্য সামগ্ৰী ৷

drugs-trafficking-at-jakhalabandha-four-drugs-peddler-arrested
ড্ৰাগছৰ সৈতে জখলবন্ধাত গ্ৰেপ্তাৰ চাৰি ড্ৰাগছ সৰবৰাহকাৰী

কলিয়াবৰ,20 জুলাইঃৰাজ‍্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ দেওবাৰে জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত এক অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰে চাৰি ড্ৰাগছ সৰবৰাহকাৰী।
দেওবাৰে এই অভিযানকালত আৰক্ষীৰ দলে ড্ৰাগছৰ লগতে অন্যান্য সামগ্ৰীও জব্দ কৰে। গ্ৰেপ্তাৰ কৰা চাৰিজন ড্ৰাগ‌ছ সৰবৰাহকাৰীৰ দুজনক চামগুৰিৰ বৰমাৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন দুজনক কুঠৰীৰ হাৰমতীৰ পৰা গ্ৰেপ্তাৰ কৰে।

ড্ৰাগছৰ সৈতে জখলবন্ধাত গ্ৰেপ্তাৰ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
গ্ৰেপ্তাৰ কৰা চাৰি ড্ৰাগছ সৰবৰাহকাৰী হ'ল ক্ৰমে –ধিঙৰ ইছব আলি,কুঠৰীৰ আলি হুছেইন,চামগুৰিৰ মফিদুল ইছলাম আৰু আমিৰ হামজা।গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী কেইজনৰ পৰা নগদ ৫,৭২০ টকা, ৪১টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ,তিনিটা ম'বাইল ফোন আৰু দুখন মটৰ চাইকেল জব্দ কৰে। ইয়াৰে এখন বাজাজ পালচাৰ (AS-02V-5668) আৰু আনখন বাজাজ প্লেটিনাম (AS-03U-6936) বুলি জানিব পৰা গৈছে।
অভিযানকালত জব্দ ড্ৰাগছৰ লগতে অনান‍্য সামগ্ৰী

ABOUT THE AUTHOR

...view details