নগাঁও, 22 জুন : ড্ৰাগছ ব্যৱসায়ী (Drugs Mafia) যদি ডালে ডালে আৰক্ষী আকৌ পাতে পাতে । ৰাজ্যত এতিয়া যেন কৌশল সলনি কৰিছে ড্ৰাগছ ব্যৱসায়ী (Drugs Mafia)য়ে । তীক্ষ্ম নজৰ ৰাখিছে আৰক্ষীয়েও । ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে এইবাৰ কুৰিয়াৰ সেৱা (Courier Services)ৰ সহায়ত ড্ৰাগছ সৰবৰাহ আৰম্ভ কৰিছে ড্ৰাগছ মাফিয়া (Drugs Mafia)ই ।
মঙলবাৰে নগাঁও আৰক্ষীয়ে চহৰখনৰ ফৌজদাৰি পট্টিৰ এ টি চি কুৰিয়াৰ সেৱা (Courier Services)ত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে । নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ দৰে চলোৱা অভিযানত মুঠ ২ লাখ ৯৯ হাজাৰ টা টেবলেট জব্দ কৰা হয় । জব্দ কৰা টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৪৫ লাখ টকা ৷