নগাঁও,১৬ জুন :ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। নগাঁও আৰক্ষীয়েও ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰিছে । কিন্তু কৌশল সলালেও নগাঁও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী ।
নগাঁৱত প্ৰথমগৰাকী মহিলা আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰা লীনা দেৱীৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান । এইবাৰ জিলাখনত চলি থকা ই ৰিক্সাসমূহত অভিযান চলাইছে আৰক্ষীয়ে । তেনে এক অভিযানৰ মাজতে আৰক্ষীৰ বৃহৎ সফলতা ।
বৃহস্পতিবাৰে নগাঁও চহৰৰ টকৌবাৰীত যাত্ৰী কঢ়িওৱা এখন ই ৰিক্সাত আৰক্ষীয়ে অভিযান চলায় । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই অভিযান চলায় । অভিযানত ই ৰিক্সাখনৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী (Drugs seized in Nagaon)। লগতে ড্ৰাগছ সৰবৰাহত জড়িত আব্দুল আলীকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ।