অসম

assam

ETV Bharat / state

নগাঁৱত হেৰ'ইনসহ আটক দুই ড্ৰাগছ ব্যৱসায়ী - ড্ৰাগছ সৰবৰাহকাৰী

বুধবাৰে নিশা নগাঁৱৰ হেৰাপট্টিৰ আব্দুল ৰফিক আৰু মেহদি আলম নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰী নগাঁও আৰক্ষীৰ জালত পৰে ৷

নগাঁৱত জব্দ বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী
নগাঁৱত জব্দ বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী

By

Published : Mar 4, 2021, 6:45 AM IST

নগাঁও,4 মাৰ্চঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান ৷ বুধবাৰে নগাঁও আৰক্ষীৰ জালত পৰিছে দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ বুধবাৰে নিশা নগাঁও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ৷ লগতে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক হেৰাপট্টিৰ আব্দুল ৰফিক আৰু মেহদি আলম বুলি চিনাক্ত কৰা হৈছে ৷

নগাঁৱত হেৰ'ইনসহ আটক দুই ড্ৰাগছ ব্যৱসায়ী

উল্লেখ্য যে, এই দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে এএছ 01 ডব্লিউ 1036 নম্বৰৰ টাটা ইণ্ডিগ’ চি এছ বাহনেৰে নিষিদ্ধ ড্ৰাগছখিনি সৰবৰাহৰ সময়তে বুধবাৰে নিশা আৰক্ষীৰ জালত পৰে ৷ নগাঁৱৰ বকুলতল তিনি আলিৰ পৰা আৰক্ষীয়ে দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বাহনখনো জব্দ কৰিবলৈ সক্ষম হয় ৷

নগাঁৱত জব্দ বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী

ধৃত আব্দুল আৰু মেহদি আলমে দীৰ্ঘদিন ধৰি অবৈধ ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল । দুই ড্ৰাগছ ব্যৱসায়ী আটক হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে নগাঁওবাসীয়ে ৷ ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃঅখিল গগৈৰ উপদেষ্টা হৈ নাথাকে ড৹ হীৰেন গোহাঁই

ABOUT THE AUTHOR

...view details