অসম

assam

By

Published : Sep 29, 2022, 9:26 AM IST

Updated : Sep 29, 2022, 1:09 PM IST

ETV Bharat / state

নগাঁৱত কেৰেলাৰ বাছৰ পৰা জব্দ হেৰ’ইন

নগাঁৱৰ পৰা কেৰেলালৈ সৰবৰাহ হয় নিষিদ্ধ ড্ৰাগছ ৷ বুধবাৰে নিশা আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই তথ্য ৷ কেৰেলালৈ যোৱা এখন বাছত অভিযান চলাই জব্দ কৰে দুই বাকচ হেৰ'ইন ৷ লগতে আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী (Drugs seized from Kerala bus in Nagaon) ৷

drugs-seized-from-kerala-bus-in-nagaon
নগাঁৱত কেৰেলাৰ বাছৰ পৰা জব্দ হেৰ'ইন

নগাঁও, 29 ছেপ্টেম্বৰ: নগাঁৱৰ পৰা যাত্ৰীবাহী বাছৰে কেৰেলালৈ সৰবৰাহ হয় নিষিদ্ধ ড্ৰাগছ(Illegal drugs smuggled from Nagaon to Kerala)। বুধবাৰে নিশা নগাঁও আৰক্ষীৰ এক অভিযানতে পোহৰলৈ আহিছে নগাঁৱৰ পৰা কেৰেলালৈ ড্ৰাগছ সৰবৰাহৰ ভয়ংকৰ তথ্য । কেৰেলা অভিমুখে গৈ থকা এখন নৈশবাছত অভিযান চলাই নগাঁও আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন(Drugs seized from Kerala bus in Nagaon)।

হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভা জ্যোতি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত চিৰাৰ পেকেটত হিৰ’ইন ভৰ্ত্তি দুটাকৈ চাবোন বক্স বাছখনৰ ভিতৰৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত তিনিটাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈও সক্ষম হয় আৰক্ষীৰ দলটোৱে ।

নগাঁৱত কেৰেলাৰ বাছৰ পৰা জব্দ হেৰ’ইন

বুধবাৰে বিয়লি হয়বৰগাঁও আৰক্ষীৰ দলটোৱে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল ৰৌচন আলী নামৰ আন এটা ড্ৰাগছ সৰবৰাহকাৰীক । গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী ৰৌচন আলিৰ স্বীকাৰোক্তিৰ ভিত্তিত হয়বৰগাঁও আৰক্ষীয়ে তালাচী চলাইছিল কেৰেলা অভিমুখে যাত্ৰা আৰম্ভ কৰা KL 02BF 5012 নম্বৰৰ নৈশবাছ খনত৷

কেৰেলালৈ ড্ৰাগছ সৰবৰাহত লগত জড়িত ৰূপহীহাটৰ তাফাজুল ইছলাম, চৰিফুল ইছলাম আৰু বাহাৰুল ইছলাম নামৰ তিনি সৰবৰাহকাৰীকো নৈশ বাছৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ দলটোৱে । ৰূপহীহাটৰ খালেক নামৰ এগৰাকী ব্যক্তিয়ে তাফাজুল ইছলামক হেৰ'ইনখিনি কেৰেলালৈ সৰবৰাহ কৰাৰ বাবদ ১০ হাজাৰ টকা দিয়া বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে ধৃত সৰবৰাহকাৰী কেইটাই ৷ হয়বৰগাঁও আৰক্ষী থানাৰ উপ-পৰিদৰ্শক আভা জ্যোতি ৰাভাৰ নেতৃত্বত চলোৱা অভিযানৰ পিছতেই বাছখনৰ আন যাত্ৰীসকলক কেৰেলালৈ পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ দিয়ে আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ পিছতো একাংশ অপৰাধীয়ে সুযোগ বুজি নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে (Anti drugs operation) ৷ পিছে অসম আৰক্ষীয়েও ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান (Assam police against drugs) ৷

লগতে পঢ়ক:যোৰহাটত ড্ৰাগছ লৈ থকা অৱস্থাত হাতে লোটে আটক দুই যুৱক

Last Updated : Sep 29, 2022, 1:09 PM IST

ABOUT THE AUTHOR

...view details