অসম

assam

ETV Bharat / state

নগাঁৱত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ

নগাঁৱত যেন ৰাস্তাই-ঘাটে সুলভ হৈ পৰিছে নিচাজাতীয় ঔষধ । চহৰখনৰ বিভিন্ন প্ৰান্তত এতিয়া গঢ়ি উঠিছে ড্ৰাগছৰ ঘাটি । নগাঁৱত বিগত সময়ছোৱাত নিচাজাতীয় ঔষধৰ ব্যাপক পয়োভৰে বাৰুকৈয়ে চিন্তিত কৰি তুলিছে সচেতন মহলক ৷

By

Published : Feb 11, 2021, 10:41 PM IST

drugs-seized-at-nagaon
নগাঁৱত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ

নগাঁও,11ফেব্ৰুৱাৰী:নগাঁৱত যেন ৰাস্তাই-ঘাটে সুলভ হৈ পৰিছে নিচাজাতীয় ঔষধ। চহৰখনৰ বিভিন্ন প্ৰান্তত এতিয়া গঢ়ি উঠিছে ড্ৰাগছৰ ঘাটি। নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে দৈনিক অভিযান চলাইও যেন সফল হ'ব পৰা নাই। বৃহস্পতিবাৰে নগাঁৱৰ ছোট'হয়বৰৰ পৰা জব্দ কৰা হয় বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ। ছোটহয়বৰৰ ৰাজপথত পৰি থকা অৱস্থাত নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ নিচাজাতীয় ঔষধখিনি। কোনো সৰবৰাহকাৰীয়ে নিচাজাতীয় ঔষধখিনি পেলাই পলায়ন কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

নগাঁৱত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ

ইপিনে,একেদিনাই নগাঁৱৰ কৰৈয়নি হেঙুলীচুকত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে আটক কৰে তিনিজনকৈ ছাত্ৰক। স্থানীয় ৰাইজে হাতে-লুটে আটক কৰি উত্তম মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে ছাত্ৰ তিনিজনক। আনহাতে, বৃহস্পতিবাৰে পুৱা নগাঁও চহৰৰ ভূঞাপট্টি দলঙৰ সমীপৰ পথৰ দাঁতিত হাতত ড্ৰাগছৰ চিৰিঞ্জ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল সুশীল বৰা নামৰ এজন যুৱকৰ মৃতদেহ ৷ লক্ষণীয়ভাৱে,নগাঁৱত বিগত সময়ছোৱাত নিচাজাতীয় ঔষধৰ ব্যাপক পয়োভৰে বাৰুকৈয়ে চিন্তিত কৰি তুলিছে সচেতন মহলক ৷

লগতে পঢ়কঃনগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ

ABOUT THE AUTHOR

...view details