অসম

assam

ETV Bharat / state

নগাঁৱত জব্দ নিচাজাতীয় ঔষধ

নগাঁও চহৰৰ চকীটুপৰ পৰা জব্দ কৰে নিচাজাতীয় ঔষধ সমূহ ৷ লগতে জব্দ কৰে এখন বাহনো ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কোনো লোকক ৷

By

Published : Jul 27, 2020, 4:50 AM IST

নগাঁৱত জব্দ নিচাজাতীয় ঔষধ
নগাঁৱত জব্দ নিচাজাতীয় ঔষধ

নগাঁও, 27 জুলাইঃ দেওবাৰে নগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ। নগাঁও নগৰ আৰক্ষীৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দেওবাৰে বিয়লি এই ঔষধ সমূহ ৰাইজৰ সহযোগত জব্দ কৰিবৱলৈ সক্ষম হয় ৷ নগাঁও চহৰৰ চকীটুপৰ পৰা জব্দ কৰে নিচাজাতীয় ঔষধ সমূহ ৷ লগতে আৰক্ষীয়ে জব্দ কৰে এই সমূহ ঔষধ সৰবৰাহত ব্যৱহাৰ কৰা দুচকীয়া বাহন এখনো ৷

নগাঁৱত জব্দ নিচাজাতীয় ঔষধ

দীৰ্ঘদিন ধৰি অবৈধ নিচাজাতীয় ঔষধৰ ব্যৱসায়ত জড়িত দুই যুৱকে বিক্ৰীৰ বাবে মজুত কৰি ৰাখিছিল সেই সমূহ ঔষধ ৷ অৱশ্যে ঔষধ জব্দ কৰিলেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কোনো লোকক ৷ আৰক্ষী অহাৰ পূৰ্বে পলাই যাবলৈ সক্ষম হয় দুয়োজন যুৱক ৷ উল্লেখ্য যে, পলাতক হৈ থকা দুই যুৱক ড্ৰাগছ সৰবৰাহৰ লগত জৰিত ৷

লগতে পঢ়কঃ COVID টেষ্ট কিট ক্ৰয়ৰ ক্ষেত্ৰত অধিক মূল্য পৰিশোধ কৰিছে অসম চৰকাৰে: দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details