নগাঁও, 9 জুলাই : নগাঁৱত যোগদান কৰিয়েই ড্ৰাগছমুক্ত নগাঁও গঢ়াৰ সংকল্প লৈছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (Anand Mishra) । ড্ৰাগছৰ লগতে অন্যান্য অপৰাধৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কিৰিছিল তিনিটাকৈ বিশেষ গোট । অপৰাধৰ বিৰুদ্ধে অভিযান চলোৱাৰ উদ্দেশ্যে এ এন এছ( ANS) অৰ্থাৎ এন্টি নাৰ্ক'টিক স্কোৱাড, QRT অৰ্থাৎ কুইক ৰিয়েকশ্যন টিম আৰু ৰাইডাৰ টিম নামেৰে গঠন কৰা তিনিটা গোটে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নগাঁৱত ।
বৃহস্পতিবাৰে বিয়লি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (Anand Mishra) গঠন কৰি দিয়া ৰাইডাৰ টিমে অভিযান চলাই লাভ কৰে সফলতা । বিয়লি নগাঁও চহৰৰ ডিমৰুগুৰিৰ দলঙৰ সমীপত এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলায় অভিযান । এখন স্কুটিৰে ড্ৰাগছ সৰবৰাহ কৰি থকা সময়তে আৰক্ষীৰ দলটোৱে তালাচী চলায় স্কুটিখন । নগাঁও আৰক্ষীৰ )Nagaon Police) সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ তত্বাৱধানত ৰাইডাৰ দলটোৱে অভিযান চলাই স্কুটিখনৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ।