নগাঁও, 2 মাৰ্চঃ কামপুৰ কচুৱা মাধৱপাৰাত দেওবাৰে নিচাযুক্ত দ্ৰৱ্য়ৰ বিৰুদ্ধে অভিযান চলাই নগাঁও আৰক্ষীয়ে ৷ অভিযানত ৮৪০ বটল কফচিৰাপ সহ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে আৰক্ষীয়ে দুজন যুৱককো আটক কৰে ৷ দীৰ্ঘ দিনৰ পৰা কচুৱাৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ চকুৰ সন্মুখতে একাংশ অসাধু ব্যৱসায়ীয়ে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷ কিন্তু ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল কচুৱা আৰক্ষীয়ে ৷ নিশা নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি প্ৰায় 2 লাখ টকাৰ ড্ৰাগছ সহ দুজন লোকক আটক কৰে ৷ ধৃত লোক দুজন মাধৱপাৰাৰ মতিবুৰ ৰহমান আৰু আনোৱাৰ হুছেইন ৷
কামপুৰত ৮৪০ বটল কফচিৰাপ সহ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ - Drugs seized from Nagaon
নিশা নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি প্ৰায় 2 লাখ টকাৰ ড্ৰাগছ সহ দুজন লোকক আটক কৰে ৷ ধৃত লোক দুজন মাধৱপাৰাৰ মতিবুৰ ৰহমান আৰু আনোৱাৰ হুছেইন বুলি চিনাক্ত ৷
বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ
TAGGED:
Drugs seized from Nagaon