অসম

assam

ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত ড্ৰাগছসহ ব্যৱসায়ী - Drugs Smuggler

ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সম্প্ৰতি ৰাজ্যত আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ এই অভিযানৰ সময়ত কেইবাটাও স্থানত ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে গুলিয়াগুলীৰো সূত্ৰপাত হৈছে ৷ ইতিমধ্যে দেশজুৰি চৰ্চিত হৈছে আৰক্ষীৰ এই ভূমিকা ৷

drugs-pedlar-arrested-at-nagaon
নগাঁও আৰক্ষীৰ জালত ড্ৰাগছসহ ব্যৱসায়ী

By

Published : Jul 27, 2021, 6:26 AM IST

নগাঁও, 26 জুলাই : নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ-গাঞ্জাৰ বিৰুদ্ধে অভিযান ৷ নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীয়ে সোমবাৰে পুনৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ী (Drugs Smuggler) ক আটক কৰিবলৈ সক্ষম হয় ৷ নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ৰূপহীহাটৰ শিঙিমাৰীৰ পৰা আটক কৰে ড্ৰাগছ ব্যৱসায়ী (Drugs Smuggler) টোক ৷ আটকাধীন ড্ৰাগছ ব্যৱসায়ী (Drugs Smuggler) টো কাৱৈমাৰী নিবাসী আফজালুৰ ৰহমান বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে |

আফজালুৰ ৰহমানৰ পৰা আৰক্ষীয়ে ১৭ টাকৈ কণ্টেইনাৰসহ প্ৰায় ২.৫ গ্ৰাম নিষিদ্ধ হে ৰ’ইন (Heroin) জব্দ কৰিবলৈ সক্ষম হয় ৷ আটকাধীন ড্ৰাগছ ব্যৱসায়ীটোক ইতিমধ্যে ৰূপহীহাট থানালৈ অনা হৈছে ৷ আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত আফজালুৰ ৰহমান জেৰা অব্যাহত ৰাখিছে ৷

নগাঁও আৰক্ষীৰ জালত ড্ৰাগছসহ ব্যৱসায়ী

উল্লেখ্য যে, ধৃত আফজালুৰ ৰহমানে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত অবৈধ নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি পৰিৱেশ বিনষ্ট কৰি আহিছিল বুলি জানিব পৰা গৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ড্ৰাগছ মুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যৰ পৰা ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ যাৰ বাবে প্ৰতিদিনে আৰক্ষী (Police)ৰ কবলত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী (Drugs Smuggler) ৷

লগতে পঢ়ক :ক’লা মানুহৰ অচিলাৰে বঙাইগাঁৱত শিশু অপহৰণৰ চেষ্টা

ABOUT THE AUTHOR

...view details