ছামগুৰি,২৬ ফেব্ৰুৱাৰীঃমুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই তৎপৰ হৈ পৰা অসম আৰক্ষীয়ে বৰ্তমানেও অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী যুঁজ (Police operation against drugs) । নগাঁৱত পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী । শনিবাৰে পুৱাই চলিছিল এই অভিযান ।
নগাঁও আৰক্ষীয়ে লাভ কৰা এক গোপন খবৰৰ ভিত্তিত চামগুৰিৰ ৰঙগড়াত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰিবলৈ সক্ষম হয় । অভিযানত জব্দ প্ৰায় ৫ কোটি টকা মূল্যৰ ড্ৰাগছ । নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা নেতৃত্বত চলা অভিযানত ড্ৰাগছখিনি জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ইয়াৰিছ খান আৰু ছৰিচ খান নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী দুটাক।