নগাঁও, 26 জানুৱাৰী: ড্ৰাগছ বিক্ৰীৰ বাবে গৈ আছিল ডুমডুমীয়াৰ ছফিকুল । কিন্তু ৰাজপথত গণৰাজ্য দিৱস উপলক্ষে চলি আছিল আৰক্ষী আৰু চি আৰ পি এফৰ তালাচী অভিযান (Police alert for Republic Day)। ইয়াৰ মাজতে ড্ৰাগছ বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ছফিকুল । নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন যিমানেই সষ্টম হৈছে সিমানেই যেন একাংশই আৰক্ষীৰ চকুত ধূলি দি অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা ।
বুধবাৰে পুনৰ ধিঙৰ কাছকাটি ৰজাবাৰীত আটক হয় কুখ্যাত ড্ৰাগছ পেডলাৰ ছফিকুল ইছলাম (Drugs peddler arrested in Dhing)। ডুমডুমীয়া আৰক্ষী আৰু চি আৰ পি এফৰ ৩৪ বেটেলিয়নে গণৰাজ্য দিৱসটিক লৈ তালাচী চলোৱাৰ সময়তে ছফিকুলে নিষিদ্ধ ড্ৰাগছখিনি বিক্ৰীৰ বাবে লৈ যাওঁতে ৰজাবাৰিত হাতে-লুটে আটক কৰে আৰক্ষী আৰু চি আৰ পি এফৰ দলটোৱে ।
আটকাধীন ছফিকুলৰ পৰা তিনিটা চাবোনৰ বাকচৰ পৰা ৩৬.০৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে তালাচী অভিযান চলোৱা দলটোৱে । জানিব দিয়া মতে দীৰ্ঘদিন ধৰি ছফিকুলে ডুমডুমীয়াকে ধৰি বিভিন্ন অঞ্চলত চলাই আহিছিল নিষিদ্ধ ড্ৰাগছৰ এখন ৰমৰমীয়া বেহা । ইতিমধ্যে ডুমডুমীয়া আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ছফিকুলৰ ওপৰত । আনহাতে আজি ছফিকুলক জেল হাজোতলৈ প্ৰেৰণ কৰিব বটদ্ৰৱা আৰক্ষীয়ে ।