নগাঁও, ৯ আগষ্ট:ৰাজ্যত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৷ এই অভিযানৰ অংশস্বৰূপে ৰাজ্যৰ ভিন্ন ঠাইত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত বহু ব্যৱসায়ী তথা অভিযুক্ত ৷ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে সমদলো উলিয়াইছে । কিন্তু ইয়াৰ মাজতো একাংশই চলাই আছে এনে বেহা ।
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বিগত কিছুদিন ধৰি নগাঁও আৰক্ষীয়েও ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ড্ৰাগছ সৰবৰাহকাৰীয়েও যেন সলনি কৰিছে বৰবিহ সৰবৰাহৰ কৌশল । এইবাৰ বিলাসী বাহনত ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰিছে সৰবৰাহকাৰীয়ে । কৌশল সলনি কৰিলেও তৎস্বত্বেও ৰক্ষা পোৱা নাই আৰক্ষীৰ দৃষ্টিৰ পৰা । মঙলবাৰে নিশাও নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰে অভিযান চলাই ড্ৰাগছ সৰবৰাহ কৰা এখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয় ।
মঙলবাৰে নিশা নগাঁও আৰক্ষীৰ নগৰ শাখাৰ এটা দলে গোপন খবৰৰ ভিত্তিত অভিযান চলাই নগাঁও চহৰৰ ফৌজদাৰী পট্টিত । এই অভিযানত আৰক্ষীৰ দলটোৱে ফৌজদাৰী পট্টিৰ পৰা ৩ টা হেৰ'ইনভৰ্তি চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় । AS 02 AH 0104 নম্বৰৰ এখন বাহনৰ পৰা ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় । লগতে ড্ৰাগছৰ সৰবৰাহ কৰা বাহনখনো জব্দ কৰে আৰক্ষীৰ দলটোৱে।