কলিয়াবৰ, 5 মে’ : কলিয়াবৰত সক্ৰিয় ড্ৰাগছ ব্যৱসায় । ইয়াৰ সমান্তৰালকৈ চলি আছে এই কাৰ্য্যৰ বিৰুদ্ধে অভিযান । জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত বাগৰি তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰৰ নেতৃত্বত বাগৰিৰ হাৰমতীত এক অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰী লোকক সন্দেহযুক্ত হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰে ।
জখলাবন্ধাত আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী - ড্ৰাগছ ব্যৱসায়
জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত বাগৰি তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰৰ নেতৃত্বত বাগৰিৰ হাৰমতীৰ পৰা আব্দুল আলি আৰু ইছমাইল আলি নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী লোকক সন্দেহযুক্ত হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰে।
জখলাবন্ধাত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী
বৰ্তমান জখলাবন্ধা আৰক্ষী জিম্মাত দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ জানিব পৰা মতে, সৰবৰাহকাৰী দুজনৰ নাম আব্দুল আলি আৰু ইছমাইল আলি ৷ বৰ্তমান দুই সৰবৰাহকাৰীক সোধ-পোছৰ বাবে বাগৰি তহলদাৰী আৰক্ষী চকীত ৰখা হৈছে । সোধ-পোছৰ পাছত অধিক তথ্য লাভ কৰিব বুলি জনাই কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে ।
লগতে পঢ়ক : বোকাজানত যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত চিআৰপিএফৰ জোৱান