চামগুৰি, 14 জুন : নগাঁও জিলাত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ(IPS Anand Mishra)ৰ যোগদানৰ পাচৰে পৰা ড্ৰাগছ বিৰোধী অভিযান আৰু তীব্ৰতৰ হৈ পৰিছে । জিলাখনত ধাৰাবাহিকভাৱে উৎখাত হৈছে ইটোৰ পিছত সিটো ড্ৰাগছৰ ঘাটি । আৰক্ষীয়ে আটক কৰিছে এটাৰ পিছত আনটো ড্ৰাগছ সৰবৰাহকাৰী(Drugs Paddler)ক ।
এই ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে বটদ্ৰৱা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত পূৱ ভোমোৰাগুৰিৰ পৰা এজন ড্ৰাগছ ব্যৱসায়ী(Drugs Paddler)ক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন যুৱকজনৰ নাম চাজত আলী বুলি জানিব পৰা গৈছে ৷