অসম

assam

ETV Bharat / state

নগাঁৱত ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত যুৱ ছাত্ৰ পৰিষদৰ নেতা - সাংগঠনিক সম্পাদক

নগাঁৱত ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰবীণ দাস ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ বাবে নেতা গৰাকীক আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

Drugs Mafia Attacked AJYCP Leader In Nagaon
ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত যুৱ ছাত্ৰ পৰিষদৰ নেতা

By

Published : Sep 1, 2020, 9:11 PM IST

নগাঁও, 1 ছেপ্তেম্বৰ :ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহা ৷ আৰক্ষী প্ৰশাসনে সময়ে সময়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও ৰাজ্যত অব্যাহত আছে মদ আৰু ড্ৰাগছৰ অবৈধ বেহা ৷

ৰাজ্যৰ অন্য জিলাৰ লগতে নগাঁও জিলাতো মদ আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ বিগত কিছু দিনৰ পৰাই জিলাখনত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে মাত মাতি আহিছে ৷

ইফালে, ড্ৰাগছ মাফিয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰবীণ দাসক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সেই উদ্দেশ্য়ে, মঙলবাৰে সাংগঠনিক সম্পাদক প্ৰবীণ দাসৰ স্বাস্থ্যৰ বুজ ল'বলৈ নগাঁৱত উপস্থিত হয় সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই । নগাঁৱত উপস্থিত হৈয়ে নেতা গৰাকীয়ে অতিশীঘ্ৰে এনে অবৈধ বেহা বন্ধ কৰিবলৈ দাবী জনাইছে আৰক্ষী প্ৰশাসনক ।

ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত যুৱ ছাত্ৰ পৰিষদৰ নেতা

উল্লেখ্য যে, মদ আৰু ড্ৰাগছৰ ঘাটিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ড্ৰাগছ মাফিয়াৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা প্ৰবীণ দাস । লগতে, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে শিক্ষানুষ্ঠানৰ পাৰ্শ্বৱৰ্তী এলেকাৰ পৰিৱেশ মদ আৰু ড্ৰাগছে বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত যুৱ ছাত্ৰ পৰিষদৰ নেতা

লগতে পঢ়ক : দৰঙৰ মাগুৰমাৰীত দুৰ্বৃত্তই হত্যা কৰি লুটি নিলে টকা

ABOUT THE AUTHOR

...view details