অসম

assam

ETV Bharat / state

ড্ৰাগছৰ অন্ধকাৰ সাম্ৰাজ্যৰ সম্ৰাট কোন ?

ধিং, বটদ্ৰৱাত ড্ৰাগছৰ ঘাটি ৷ ড্ৰাগছ ব্যৱসায়ীৰ হাতত সুলভ অবৈধ মাৰণাস্ত্ৰ ৷ কাৰ নেতৃত্বত চলিছে ড্ৰাগছৰ এই বিশাল সাম্ৰাজ্য ? বটদ্ৰৱা আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া ৷

By

Published : Aug 26, 2020, 9:00 PM IST

পিষ্টল, গুলিসহ ড্ৰাগছ মাফিয়া চিৰাজুলক গ্ৰেপ্তাৰ
পিষ্টল, গুলিসহ ড্ৰাগছ মাফিয়া চিৰাজুলক গ্ৰেপ্তাৰ

নগাঁও, 26 আগষ্ট:নগাঁৱৰ ধিং-বটদ্ৰৱা অঞ্চল পৰিণত হৈছে ড্ৰাগছৰ ঘাটিলৈ ৷ নিষিদ্ধ ড্ৰাগছ, পিষ্টল লগত ৰাখি অঞ্চলটোত নিজকে ডন হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা অভিযুক্ত ড্ৰাগছ মাফিয়া চিৰাজুল ইছলাম ৷ চিৰাজুলৰ ড্ৰাগছৰ ঘাটিৰ Exclusive দৃশ্য ইটিভি ভাৰতৰ হাতত ৷ ড্ৰাগছ সেৱনত ব্যস্ত লোকৰ দৃশ্য বন্দী হ'ল কেমেৰাত ৷ গ্ৰাহক আহিছে, কণ্টেইনাৰ খুলিছে আৰু সেৱন কৰিবলৈ আগবঢ়াই দিছে মাৰাত্মক ড্ৰাগছ ৷ এই সকলোবোৰ দৃশ্যই বন্দী হ'ল ইটিভি ভাৰতৰ কেমেৰাত ৷

ধিং-বটদ্ৰৱাৰ ড্ৰাগছ ঘাটিৰ বিশাল সাম্ৰাজ্যৰ গৰাকী কোন ?

দীৰ্ঘদিনৰ পৰা এনেদৰেই বৃহত্তৰ অঞ্চলটোত চলি আহিছে ড্ৰাগছৰ ঘাটি ৷ এই ক্ষেত্ৰত স্থানীয় আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছিল কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৷ কেৱল অভিযোগেই নহয় মাত্ৰ কেইটামান দিন পূৰ্বে এই কাৰ্যৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিছিল স্থানীয় লোক ৷ নিজৰ সন্তানৰ ভৱিষ্যতক লৈ শংকিত অভিভাৱক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি দাবী জনাইছিল ড্ৰাগছৰ ঘাটি উচ্ছেদৰ ৷ এয়া আছিল বিগত ১৭ এপ্ৰিলৰ কথা ৷ ড্ৰাগছ মাফিয়া চিৰাজুল ইছলামৰ বিৰুদ্ধে ওলাই অহা একাংশ লোকক পিষ্টলেৰে গুলীয়াই মৰাৰ ভাবুকি দিছিল ডনৰূপী ড্ৰাগছ মাফিয়া চিৰাজুলে ৷ অৱশেষত ৩০ এপ্ৰিলত নগাঁও আৰক্ষীয়ে এটা হস্ত নিৰ্মিত পিষ্টল, গুলীসহ ড্ৰাগছ মাফিয়া চিৰাজুলক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল জেল হাজোতলৈ ৷ মাত্ৰ কেইটামান দিন আলহীৰ দৰেই ৰঙা ঘৰত দিন কটাই পুনৰ মুকলি আকাশৰ তলত বিচৰণ কৰি নিজৰ বেপাৰ আৰম্ভ কৰিছিল চিৰাজুলে ৷

ড্ৰাগছৰ ঘাটিৰ Exclusive দৃশ্য ইটিভি ভাৰতৰ হাতত

পিছে এইবাৰ সেই কুখ্যাত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ হৈছে বটদ্ৰৱা আৰক্ষী ৷ সোমবাৰে নিশা পুনৰ আৰক্ষীৰ জালত ড্ৰাগছৰ সাম্ৰাজ্যৰ নেতৃত্ব দিয়া চিৰাজুল ৷ নিশা বটদ্ৰৱা আৰক্ষীৰ এটা দলে অভিযান চলাই চিৰাজুল ইছলামক কদমনীৰ নিজা ঘৰৰ পৰা ড্ৰাগছসহ কৰায়ত্ত কৰে ৷ লগতে চিৰাজুলৰ আন এজন সহযোগী ছফিকুল ইছলামকো কৰায়ত্ত কৰে আৰক্ষীৰ দলটোৱে ৷ চিৰাজুলৰ ঘৰৰ পৰা ৭০ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ নগদ ১৭, ০৫০ টকাও জব্দ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি বটদ্ৰৱা আৰক্ষীয়ে দুই ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি পুনৰ প্ৰেৰণ কৰিছে জেল হাজোতলৈ ৷ মুঠতে কি বটদ্ৰৱা, কি ধিং ? সৰ্বত্ৰে এতিয়া আৰক্ষীৰ চকুত ধুলি দি চলিছে তিল তিলকৈ মৃত্যুৰ দিশে ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ বেহা ৷ এতিয়া প্ৰশ্ন হয় ডনৰূপী এই চিৰাজুলৰ ড্ৰাগছৰ সাম্ৰাজ্য পুনৰ আৰম্ভ হব নেকি অঞ্চলটোত? নে পুলিয়ে পোখাই ড্ৰাগছৰ ঘাটি উভালিবলৈ সক্ষম হ'ব বটদ্ৰৱা আৰক্ষী ?

পিষ্টল, গুলিসহ ড্ৰাগছ মাফিয়া চিৰাজুলক গ্ৰেপ্তাৰ

লগতে পঢ়ক:ডকাইতি কৰি থকাৰ সময়তে পাঠশালা কেন্দুগুৰিত ৰাইজৰ জালত দুৰ্ধৰ্ষ ডকাইত

ABOUT THE AUTHOR

...view details