নগাঁও, 31 জুলাই : দিনক দিনে যেন পুনৰ ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে নগাঁও চহৰৰ বহু এলেকা । পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই একপ্ৰকাৰ চাফ চিকুণ কৰি থৈ যোৱা নগাঁৱৰ ড্ৰাগছ ৰোড (Ananda Mishra's team against crime in Nagaon) ৰূপে পৰিচিত ফাঁচী ৰোডত পুনৰ আৰম্ভ হৈছে ড্ৰাগছৰ ঘাটি । নগাঁও আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ নগাঁৱৰ ফাঁচী ৰোডত দিন-দুপৰতে বিক্ৰী হয় নিষিদ্ধ ড্ৰাগছ ।
ড্ৰাগছৰ অবাধ বেহাৰ বাবেই পূৰ্বে জিলা প্ৰশাসনে ফাঁচী ৰোডত চলাইছিল উচ্ছেদ অভিযান (Operation against drugs in Nagaon) । পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ফাঁচী ৰোডত অভিযান চলাই প্ৰায় 1 কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছিল কুৰিজনৰো অধিক ড্ৰাগছ মাফিয়াক । পিছে এতিয়া সেই ফাঁচীৰোডত পুনৰ আৰম্ভ হৈছে ড্ৰাগছৰ বেহা ।
দেওবাৰে ড্ৰাগছৰ ঘাটিৰূপে পৰিণত নগাঁৱৰ ফাঁচীৰোডত উপস্থিত হয় সাংবাদিকৰ এটা দল ।