নগাঁও, 30 নৱেম্বৰ : ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । এখ গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে এক অভিযান চলাই হেৰ'ইনসহ আটক কৰিবলৈ সক্ষম হয় দুই সৰবৰাহকাৰীক ।
ড্ৰাগছ সৰবৰাহকাৰীক আটক নগাঁও আৰক্ষীৰ - হয়বৰগাঁও আৰক্ষী
নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে এক অভিযান চলাই হেৰ'ইনসহ আটক কৰিবলৈ সক্ষম হয় দুই সৰবৰাহকাৰীক । নগাঁৱৰ ছলছলিত দেওবাৰে নিশা হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা সঁজাতি দলে এই অভিযান চলায় ৷
![ড্ৰাগছ সৰবৰাহকাৰীক আটক নগাঁও আৰক্ষীৰ Drug supplier arrested by Police](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9710736-611-9710736-1606717829136.jpg)
ড্ৰাগছ সৰবৰাহকাৰীক আটক নগাঁও আৰক্ষীৰ
ড্ৰাগছ সৰবৰাহকাৰীক আটক নগাঁও আৰক্ষীৰ
নগাঁৱৰ ছলছলিত দেওবাৰে নিশা হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা সঁজাতি দলে এই অভিযান চলায় ৷ এই অভিযানতে নিষিদ্ধ হেৰ'ইনসহ ধিঙৰ খলিলুৰ ৰহমান আৰু বটদ্ৰৱাৰ জামাল উদ্দিনক নামৰ দুজন ড্ৰগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ জানিব পৰা মতে দীৰ্ঘদিন ধৰি ধৃত যুৱক দুজনৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ।
লগতে পঢ়কঃ মহিলাসহ বেংক ডকাইতিত জড়িত তিনিজনক আটক