অসম

assam

ETV Bharat / state

নগাঁও চহৰত এতিয়া মুক্তভাৱেই সেৱন কৰিব পাৰে নিষিদ্ধ ড্ৰাগছ ! - Drug smuggling in Chakitup Fanchiroad near Nagaon city

নগাঁৱত সম্প্ৰতি একাংশ যুৱক-যুৱতীয়ে মুক্তভাৱেই সেৱন কৰে নিষিদ্ধ ড্ৰাগছ । লগতে নগাঁৱৰ অলিয়ে গলিয়ে নিষিদ্ধ ড্ৰাগছ উপলব্ধ হয় বুলিও মন্তব্য কৰে একাংশ স্থানীয় ৰাইজে (Banned drugs freely available at Chakitup Fasiroad) ৷

Banned drugs freely available at Chakitup Fasiroad in Nagaon
ড্ৰাগছৰ ৰম্যভূমিত পৰিণত নগাঁও চহৰ

By

Published : Jun 25, 2022, 10:14 PM IST

চামগুৰি, 25 জুন: অসম আৰক্ষীয়ে প্ৰত্যেক দিনাই অভিযান চলাই থকাৰ পিছতো অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় (Assam Police against drugs) ৷ নিতৌ কৌশল সলনি কৰি ড্ৰাগছ তথা গাঞ্জা ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে এই চোৰাং ব্যৱসায় ৷ ইফালে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি নগাঁৱত সম্প্ৰতি একাংশ যুৱক-যুৱতীয়ে মুক্তভাৱেই সেৱন কৰে নিষিদ্ধ ড্ৰাগছ । লগতে নগাঁৱৰ অলিয়ে গলিয়ে নিষিদ্ধ ড্ৰাগছ উপলব্ধ হয় বুলিও মন্তব্য কৰে একাংশ স্থানীয় ৰাইজে (Drug smuggling in Chakitup Fanchiroad) ৷

এই ঘটনা নগাঁও চহৰৰ সমীপৱৰ্তী চকিটুপ ফাঁচিৰোডত অঞ্চলৰ । অঞ্চলটোৰ ৰে’লআলিত বহি অতি নিৰ্ভয়ে ড্ৰাগছ সেৱন কৰিছে একাংশই ৷ এই ড্ৰাগছ সেৱনকাৰীক কোনো লোকে বাধা প্ৰদান কৰিলে চোকা অস্ত্ৰৰে মৃত্যুৰ ভাবুকি দিয়ে বুলিও স্থানীয় লোকে মন্তব্য কৰে ৷

ড্ৰাগছৰ ৰম্যভূমিত পৰিণত নগাঁও চহৰ

এই ক্ষেত্ৰত নগাঁও আৰক্ষীয়ে অভিযান চলাই দুই এক ড্ৰাগছ ব্যৱসায়ীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও আইনী সুৰুঙাৰে জামিন লাভ কৰি পুনৰ ড্ৰাগছৰ কলা ব্যৱসায়ত জড়িত হয় সেইসকল ড্ৰাগছ সৰবৰাহকাৰী ।

এই সমগ্ৰ বিষয়টোৰ ওপৰত অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধানৰ হস্তক্ষেপৰ দাবী জনাইছে নগাঁৱৰ সচেতন মহলে ৷ উল্লেখ্য যে, নগাঁৱত প্ৰথমগৰাকী মহিলা আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰা লীনা দেৱীৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান (Nagaon Police against drugs) ।

পিছে আজি পৰ্যন্ত অঞ্চলটোত বহুটো ড্ৰাগছৰ ঘাটি চলি থকাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো নগাঁও আৰক্ষীয়ে কিয় এইক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰি আছে সেয়া ৰহস্য জনক ।

লগতে পঢ়ক:নকল সোণৰ বেপাৰ কৰি 27 লাখ টকাসহ আৰক্ষীৰ জালত ছাহজাহান

ABOUT THE AUTHOR

...view details