অসম

assam

By

Published : Nov 1, 2019, 11:55 PM IST

ETV Bharat / state

নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীৰ হাতত প্ৰহৃত কিশোৰ

নগাঁৱত ড্ৰাগছ ব্যৱসায়ীৰ তাণ্ডৱ । ড্ৰাগছ বিক্ৰী নকৰাৰ বাবেই কিশোৰক আক্ৰমণৰ অভিযোগ ।

নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীৰ হাতত প্ৰহৃত কিশোৰ

নগাঁও,1 নৱেম্বৰঃনগাঁৱত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ ব্যৱসায়ীৰ অতপালি । শুকুৰবাৰে নগাঁৱৰ বৰভেটীত ড্ৰাগছ ব্যৱসায়ীয়ে সংঘটিত কৰে এক চাঞ্চল্যকৰ ঘটনা । নিষিদ্ধ নিচাজাতীয় ঔষধ বিক্ৰী নকৰাৰ বাবেই এগৰাকী কিশোৰক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । বৰভেটিৰ এজন কিশোৰে এশ টকীয়া নোট খুচুৰা কৰিবলৈ যাওঁতে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত এটা দলে কিছু নিচাজাতীয় ঔষধ বিক্ৰী কৰি দিয়াৰ নিৰ্দেশ দিয়ে । কিন্তু কিশোৰজনে এই নিৰ্দেশ অমান্য কৰাত চাৰি-পাঁচজনীয়া দলটোৱে কিশোৰটিৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ আৰম্ভ কৰে । দলটোৰ টোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰজনক সংকটজনক অৱস্থাত নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়ালৰ লোকে । ঘটনা সন্দৰ্ভত নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দিবলৈ যোৱা পৰিয়ালৰ টোৰ পৰা আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অৱশেষত জানিব পৰা মতে পৰিয়ালৰ লোকে নগাওঁ সদৰ আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীৰ হাতত প্ৰহৃত কিশোৰ

ABOUT THE AUTHOR

...view details