চামগুৰি, 24মে':নগাঁৱত অব্যাহত আছে ড্ৰাগছ মাফিয়াৰ দৌৰাত্ম ৷ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জিলাখনত ড্ৰাগছ মাফিয়া তথা অপৰাধমূলক কাম-কাজৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে ধিঙত চলিছে ড্ৰাগছ মাফিয়াৰ দপদপনি ৷ যাৰ ফলত এতিয়া সংকিত হৈ পৰিছে সাধাৰণ জনতা ৷
ৰাজ্যত আংশিক লকডাউন আৰু সান্ধ্য আইন বলৱৎ হৈ থকাৰ সময়তে দেওবাৰে নিশা ড্ৰাগছ মাফিয়াই গাঁওৰক্ষী বাহিনীৰ সভাপতি ইক্ৰামুল কৰিমক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে গুৰুতৰ ভাৱে প্ৰহাৰ কৰে ৷ নজৰ ফকিৰ নামৰ ড্ৰাগছ সৰবৰাহী জনে বিভিন্ন সময়ত বহুতকেই ভাবুকি প্ৰদান কৰি আহিছে ৷