ড্ৰাগছ ব্যৱসায়ী হাবিলক 20 বছৰ কাৰাদণ্ডৰ ৰায় নগাঁও আদালতৰ নগাঁও, 17 ডিচেম্বৰ :শেহতীয়াকৈ নগাঁৱত ড্ৰাগছৰ অবাধ প্ৰচলন বৃদ্ধি পোৱাৰ সময়ত শনিবাৰে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে এটা গোচৰত শাস্তি ঘোষণা কৰে নগাঁও জিলা 2 নং সত্ৰ ন্যায়াধীশে (Nagaon court adjudge) । 2020 চনৰ 6 ডিচেম্বৰত নগাঁৱৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মীনা আৰু সেই সময়ৰ জাজৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুলক কুমাৰৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছিল বৃহৎ সফলতা ।
আই পি এছ বিষয়া মোহন লাল মীনাৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি হাবিল আলী নামৰ এটা কুখ্যাত ড্ৰাগছ মাফিয়াৰ বাসগৃহত চলাইছিল অভিযান (Operation against drugs) । অভিযানত আৰক্ষীৰ দলটোৱে হাবিল আলীৰ বাসগৃহৰ পৰা দুই কোটিৰো অধিক টকাৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছিল ।
লগতে ড্ৰাগছৰ বেহা চলোৱা হাবিল আলীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীৰ দলটোৱে ।
লগতে পঢ়ক :Anti Corruption Mission: উৎকোচ লৈ গ্ৰেপ্তাৰ বিহপুৰীয়া উপ-কোষাগাৰৰ কনিষ্ঠ সহকাৰী গাণনিক বিষয়া
সেই সময়ৰ নগাঁও আৰক্ষীয়ে হাবিল আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি পৰ্যপ্ত তথ্য দাখিল কৰিছিল নগাঁও আদালতত । পৰৱৰ্তী সময়ত নগাঁও জিলাৰ 2 নং সত্ৰ ন্যায়াধীশ আদালতে আটাইকেইজন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰাৰ অন্তত special NDPS 17/21 গোচৰত শনিবাৰে দোষী সাব্যস্ত কৰে হাবিল আলীক ।
ড্ৰাগছৰ ব্যৱসায়ত দোষী সাব্যস্ত হোৱা হাবিল আলীৰ বিৰুদ্ধে শনিবাৰে শাস্তিও ঘোষণা কৰে নগাঁও আদালতে । সেই অনুসৰি হাবিল আলীক 20 বছৰৰ কাৰাদণ্ডৰ ৰায়দান কৰে নগাঁও জিলা 2 নং সত্ৰ ন্যায়াধীশ আদালতে (Drug mafia Habul Ali sentenced to 20 years imprisonment by Nagaon court)। লগতে তিনি লাখ টকাৰ জৰিমনাও বিহে আদালতে । জৰিমনা আদায় কৰিব নোৱাৰিলে অতিৰিক্ত 18 মাহ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে আদালতে ।
লগতে পঢ়ক :Man arrested with pistol in Golaghat : ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰত পিষ্টলসহ আটক এজন