ৰূপহীহাট,25 মে’:ৰাজ্যৰ শাসনত নতুন চৰকাৰ অধিষ্ঠিত হোৱাৰ পিছৰে পৰা আৰক্ষী বিভাগ উঠি-পৰি লাগিছে ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে ৷ ক্ৰমাগতভাৱে অসম আৰক্ষীয়ে ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে তীক্ষ্ণ নজৰ অব্যাহত ৰাখিছে এনে অবৈধ বেহা-বেপাৰৰ ওপৰত ৷
একেদৰে নগাঁও আৰক্ষী-প্ৰশাসনেও শেহতীয়াকৈ অভিযান চলাই এইসকল ড্ৰাগছৰ ব্যৱসায়ী নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সোমবাৰে ৰূপহীহাট আৰক্ষীৰ অভিযানত আটক হ’ল চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীৰ এই অভিযানত আটক কৰা হৈছে চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে- আৰমান আহমেদ, নেওৱাজ শ্বৰীফ, আজাহাৰ উদ্দিন আৰু বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে ।