ৰহা,25 ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ ৰহাৰ টোলগেটত বুধবাৰে দুপৰীয়া সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি । টোলগেট কৰ্তৃপক্ষ আৰু বাছ চালকৰ মাজত কৰ প্ৰদান কৰাক লৈ সৃষ্টি হয় সংঘাতৰ । উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নগাঁৱলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । অমিত শ্বাহৰ বৰদোৱাৰ সভালৈ মানুহ আনিবলৈ গুৱাহাটীৰ পৰা অধিগ্ৰহণ কৰা হৈছে বহু গাড়ী ।
সেই অনুসৰি বুধবাৰে অধিগ্ৰহণ কৰা গাড়ীসমূহ নগাঁৱলৈ আহি থকাৰ সময়তে ৰহাৰ টোলগেটত লাগে অথন্তৰ । টোলগেট কৰ্তৃপক্ষই প্ৰতিখন গাড়ীৰ পৰা তিনিশ টকাকৈ কৰ বিচাৰে । কিন্তু টোলগেটত ধন দিবলৈ অমান্তি হয় গুৱাহাটীৰ পৰা শ্বাহৰ সভালৈ অধিগ্ৰহণ কৰা বাহনসমূহৰ চালকসকলে ৷ যাৰ ফলস্বৰূপে তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় চালক আৰু টোলগেট কৰ্তৃপক্ষৰ মাজত ৷