কলিয়াবৰ, 17 মে':কৰ'ণা আতংকৰ মাজতেই কলিয়াবৰ বাসীলৈ এক সুখবৰ ৷ "আকৌ বোৱতী হ'ব লুইত জীয়ৰী কলং ৷ 2021 ত মুক্ত হ'ব বন্দী কলং, নিয়ন্ত্ৰিতভাৱে কলঙৰ বুকুৰে বোৱাই নিয়া হ'ব লুইতৰ পানী ৷" এই কথা জনালে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ ইয়াৰ উপৰিও অসম পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰ বিন্দু ৰূপে গঢ়ি তোলাত প্ৰত্নতত্ব আৰু স্থাপত্য বিভাগে লৈছে বিশেষ পদক্ষেপ ৷ আৰু ইয়াৰ লগে লগেই কলিয়াবৰ তথা নগাঁও জিলাবাসীৰ এক দীৰ্ঘদিনীয়া দাবী পূৰণৰ দিশে আগবাঢ়িছে ৷
উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ আৰিকাটিৰ পৰা অবিভক্ত নগাঁও জিলাৰ মাজেৰে বৈ যোৱা কলং সুঁতি ব্ৰহ্মপুত্ৰৰ কাজলী মুখলৈকে প্ৰায় 250 কিলোমিটাৰ ৷ এই দৈৰ্ঘৰ নদীখন কলিয়াবৰৰ উৎপত্তি স্থানৰ পৰা চাপৰমুখলৈকে চূড়ান্তভাৱে প্ৰদুষিত ৷ 1964 চনত নগাঁও নগৰক কলঙৰ বানৰ পৰা ৰক্ষা কৰিবলৈ কলঙৰ মুখত মথাউৰি নিৰ্মাণেৰে এখন জীৱিত নদীক হত্যা কৰা হৈছিল ৷ তাৰ পিচৰ বছৰেই এই মথাউৰিটো ভাঙি নিয়াত পুনৰ নিৰ্মাণ কৰা মথাউৰিটো আকৌ 1973 চনত ব্ৰহ্মপুত্ৰই খহাই লৈ যায় ৷ সেই সময়তে কলঙক পুনৰ বোৱাই নিবলৈ প্ৰচেষ্টা আৰম্ভ কৰিছিল একাংশই ৷ সেয়েহে 1974 চনত 144 ধাৰা বলৱৎ কৰিহে বৰ্তমানৰ হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী মথাউৰিটো চৰকাৰে নিৰ্মাণ কৰিবলগীয়া হৈছিল ৷ বোৱতী পানীৰ অভাৱত কলংখন দিনে-দিনে প্ৰদূষিত হ'বলৈ ধৰিলে ৷ কলং বন্ধ হোৱাৰ চল্লিশ বছৰৰ পিচত 2013 চনৰ ডিচেম্বৰ মাহৰ 17 তাৰিখে তদানীন্তন কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই বিধান সভাত কলঙক পুনৰ বোৱাই নিয়াৰ এক প্ৰস্তাৱ উত্থাপন কৰে আৰু কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰি এক আঁচনি প্ৰস্তুত কৰে ৷ কিন্তু নগাঁৱৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ কু-চক্ৰান্তত নগাঁও নগৰৰ মাজেৰে বৈ যোৱা কলং সুঁতিৰ কিছু অংশত অকৰ্তৃত্বশীলভাৱে সৌন্দৰ্যবৰ্ধন কৰাত পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ ৰোষত পৰে ৷ কেশৱ মহন্তই নতুন চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত অসম চৰকাৰে 21 ফেব্ৰুৱাৰী, 2017 তাৰিখে এক জাননীৰ জৰিয়তে কলং পুনৰুজ্জীৱিতকৰণৰ প্ৰাৰম্ভিক কাম-কাজৰ বাবে দহ কোটি টকা মোকলাই দিয়ে ৷
আকৌ বোৱতী হ'ব লুইত জীয়ৰী কলংঃ মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা 2017 চনত গুৱাহাটী আই.আই. টি. অধ্যাপক চন্দন মহন্তৰ অধ্যক্ষতাত গঠিত বিশেষজ্ঞ সমিতিয়ে যাৱতীয় অধ্যয়ন আৰু নিৰীক্ষণৰ অন্তত 4 জুলাই তাৰিখে কলং সুঁতিক পুনৰ বোৱাই নিয়াৰ বাবে এক প্ৰকল্প প্ৰস্তুতকৰণৰ বাবে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ সৈতে বিশেষজ্ঞ সমিতি আলোচনাত মিলিত হৈছিল ৷ পৰৱৰ্তী মাহৰ 5 আগষ্ট তাৰিখে "কলং পুনৰুজ্জীৱিতকৰণ আঁচনি"ৰ প্ৰকল্প প্ৰতিবেদন অৰ্পনো কৰিছিল ৷ কিন্তু তাৰ পিচৰ সপ্তাহতে কলং মুখৰ মথাউৰি খহাই নিয়াত সমগ্ৰ কলিয়াবৰ 45 বছৰৰ পিচত ভয়ঙ্কৰ বানত পৰে ৷ ফলত কলং পুনৰুজ্জীৱিতকৰণ বিষয়টো তল পৰে ৷ ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ স্বাক্ষৰ প্ৰকল্প "কলং পুনৰুজ্জীৱিতকৰণ আঁচনি" ৰূপায়ণৰ বাবে ভাৰত চৰকাৰৰ অনুমোদিত "ৱাটাৰ পাৱাৰ কন্সাল্টেন্সী চাৰ্ভিচ" চমুকৈ "ৱাপকচ"ৰ সৈতে অসম চৰকাৰৰ জল সম্পদ বিভাগৰ সৈতে বুজা-বুজিত উপনীত হৈছিল ৷ তাৰেই পৰিপেক্ষিতত বৰ্তমান কলঙক পুনৰ উজ্জীৱিত কৰা সপোনৰ দিশে আগবাঢ়িছে জলসম্পদ বিভাগ ৷ শনিবাৰে লুইতৰ পাৰৰ হাতীমূৰাত উপস্থিত হৈ এই কথা জনালে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷
আকৌ বোৱতী হ'ব লুইত জীয়ৰী কলংঃ মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা বিভাগীয় সূত্ৰই জানোৱা অনুসৰি নিৰ্মাণ সম্পূৰ্ণ হোৱা কুকুৰাকটা-হাতীমূৰা মথাউৰিত কলং সংলগ্ন কৰিব পৰাকৈ কিছু ব্যৱস্থা কৰি ৰখাৰ লগতে মথাউৰিত "জিঅ'-মেট" সংস্থাপিত নকৰাকৈ প্ৰস্তাৱিত 'শ্লুইছ-গে'ট' নিৰ্মানৰ বাবে সুবিধা ৰখা হৈছে ৷ আনহাতে, কলিয়াবৰ পৰ্যটনক গতিশীলতা দিয়াৰ উদ্দেশ্যেৰে কলিয়াবৰত চলি থকা উন্নয়নমূলক কাৰ্যত বিশেষ সহযোগিতা আগবঢ়াইছে ৰাজ্যৰ প্ৰত্নতত্ব বিভাগে ৷ কলিয়াবৰৰ ঐতিহাসিক সমলসমূহৰ উন্নয়নৰ বাবে ইতিমধ্যেই বিশেষ আঁচনি গ্ৰহণ কৰিছে ৰাজ্যৰ প্ৰত্নতত্ব আৰু স্থাপত্য বিভাগৰ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই ৷ উল্লেখ্য যে, মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত ইতিমধ্যেই স্বৰ্গদেউ প্ৰমত্ত সিংহই পুণৰ নিৰ্মান কৰা হাতীমূৰাৰ দূৰ্গা মন্দিৰকে প্ৰমূখ্য কৰি কলিয়াবৰৰ ঐতিহাসিক সমলসমূহৰ উন্নয়নৰ জৰিয়েতে কলিয়াবৰক পৰ্যটনৰ কেন্দ্ৰ বিন্দু ৰূপে তুলি ধৰাৰ প্ৰয়াস কৰিছে ৰাজ্যৰ প্ৰত্নতত্ব আৰু স্থাপত্য বিভাগে ৷
লগতে পঢ়কঃকৃষি অৰ্থনীতি সৱল কৰাৰ সম্ভাৱনাৰে পুষ্ট অসমঃ মুখ্যমন্ত্ৰী সোণোৱাল