অসম

assam

By

Published : Jun 3, 2021, 4:28 PM IST

Updated : Jun 3, 2021, 8:39 PM IST

ETV Bharat / state

উভতি নহাৰ বাটেৰে গ’লগৈ পাতাল ভৈৰৱীৰ স্ৰষ্টা ড৹ লক্ষ্মীনন্দন বৰা

১৯৩২ চনত নগাঁও জিলাৰ হাতীচোং অঞ্চলৰ কুজিদাঁহ গাঁৱত জন্মগ্ৰহণ কৰা অসমৰ প্ৰথিতযশা ড৹ লক্ষ্মীনন্দন বৰা আৰু নাই ৷ ড৹ বৰাৰ মৃত্যুত সমগ্ৰ অসমৰ লগতে জন্মস্থান নগাঁৱত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে ৷

dr-lakhminandan-bora-died
ড৹ লক্ষ্মীনন্দন বৰাৰ জন্মস্থান নগাঁৱতো শোকাকুল পৰিবেশ

নগাঁও, 3 জুন :খহি পৰিল অসমীয়া সাহিত্য জগতৰ আন এক উজ্জ্বল নক্ষত্ৰ । বৃহস্পতিবাৰে দুপৰীয়া ভাগত বিয়পি পৰিল অনাকাংক্ষিত খবৰটো । ডঃ লক্ষ্মীনন্দন বৰা আৰু নাই । আকাশৰ পৰা যেন মেঘ এচপৰাহে খহি পৰিছে, প্ৰতিগৰাকী সাহিত্যানুৰাগীৰ বাবে তেনে যেনেই লাগিল । হোমেন বৰগোহাঞিৰ মৃত্যুৰ শোক নাপাহৰোতেই আন এগৰাকী প্ৰসিদ্ধ অসমীয়াক হেৰুৱালে ৰাজ্যবাসীয়ে । ইহ সংসাৰৰ পৰা মেলানি মাগিলে প্ৰসিদ্ধ সাহিত্যিক, ঔপন্যাসিক, গৰিয়সী আলোচনীৰ সম্পাদক ড৹ লক্ষ্মীনন্দন বৰাই ৷

নগাঁও জিলাৰ হাতীচোঙৰ কুজিদাঁহত ১৯৩১ চনৰ পহিলা মাৰ্চত জন্ম গ্ৰহণ কৰে লক্ষ্মীনন্দন বৰাই ৷ তেখেতৰ পিতৃ ফেটুৰাম বৰা আৰু মাতৃ ফুলেশ্বৰী বৰা । লক্ষ্মীনন্দন বৰাই বেবেজিয়াৰ পণ্ডিত কনকচন্দ্ৰ শৰ্মা হাইস্কুলত মাধ্যমিক শিক্ষা আৰম্ভ কৰিছিল যদিও পাচলৈ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ১৯৪৮ চনত সেই বিদ্যালয়ৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় । ১৯৫২ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।

'গঙা চিলনীৰ পাখি'ৰ জৰিয়তে অসমীয়া উপন্যাস সাহিত্যত যুগান্তকাৰী ইতিহাস সৃষ্টি কৰা ড৹ লক্ষ্মীনন্দন বৰাই উপন্যাসৰ জৰিয়তে হাতীচোং অঞ্চলৰ গাঁও-ভূঁই, নৈ, উপনৈ, বিল,পথাৰ আদিক অসমীয়া সাহিত্যৰ বুকুত অমৰত্ব প্ৰদান কৰি থৈ গৈছে । তেখেতৰ বহুতো গল্প আৰু উপন্যাসৰ নায়ক নায়িকাই বেবেজীয়া-কুৰুৱাবাহী পথৰ লেমলেমি দলঙৰ ওপৰেদি খোজকাঢ়ি পাৰ হৈ গৈছিল । 'সখা দামোদৰ'ৰ দৰে অমৰ গল্প সৃজনৰ জৰিয়তে সাধাৰণ কৃষিজীৱী সমাজক মহত্ব প্ৰদান কৰিছিল ড৹ লক্ষ্মীনন্দন বৰাই ।

ড৹ লক্ষ্মীনন্দন বৰাৰ জন্মস্থান নগাঁৱত শোকাকুল পৰিবেশ

১৯৫৫ চনত শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজত পদাৰ্থ বিজ্ঞানৰ প্ৰৱক্তাৰূপে লক্ষ্মীনন্দন বৰাই কৰ্মজীৱনৰ পাতনি মেলে ৷ তাৰপিছত জগন্নাথ বৰুৱা মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, কটন মহাবিদ্যালয় আদিত শিক্ষকতা কৰি ৷ ১৯৫৮ চনত তেওঁ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত যোগদান কৰে ৷ ১৯৯২ চনত তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে ৷ তেওঁ ১৯৭৯ চনত কিছুদিনৰ বাবে কলিকতাৰ পৰা প্ৰকাশ হোৱা 'দ্য ইকনমিকচ টাইমছ্‌' কাকতৰ যোৰহাটৰ সংবাদদাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ তদুপৰি ১৯৯২ৰ পৰা ১৯৯৫ চনলৈ সাপ্তাহিক 'ৰংপুৰ' কাকতৰো তেওঁ সম্পাদক আছিল ৷

লক্ষ্মীনন্দন বৰাই ৰামধেনুত গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰিছিল ৷ তেওঁৰ গল্পসমূহ ৰামধেনু, নতুন অসমীয়া, অৰুণাচল আদিত প্ৰকাশ হৈছিল ৷ ১৯৮৮ চনত তেওঁ "পাতাল ভৈৰৱী" গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ২০০৪ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল ৷ আনহাতে ২০০৮ চনত ব্যতিক্ৰমধৰ্মী কল্পবিজ্ঞান উপন্যাস ‘কায়কল্প’ৰ বাবে তেওঁক সৰস্বতী সন্মানেৰে সন্মানিত কৰা হৈছিল ৷

ড॰ লক্ষ্মীনন্দন বৰা অসম সাহিত্য সভাৰ ১৯৯৬ চনৰ বোকাখাত অধিবেশনৰ সভাপতি আছিল ৷ তেওঁ "গৰিয়সী" আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ ১৯৬২ চনত প্ৰকাশিত ‘‘নিশাৰ পূৰৱী’’ তেওঁৰ প্ৰথম উপন্যাস ৷ "ক‍াল বলুকাত খোজ" তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ ৷ ২০১৫ চনৰ ২৬ জানুৱাৰীত তেওঁক 'পদ্মশ্ৰী' বঁটাৰে সন্মানিত কৰা হৈছিল ৷ তেওঁৰ সৃষ্টিৰাজিৰ অন্যতম সৃষ্টি হৈছে ‘‘গংগা চিলনীৰ পাখি’’, ‘‘পাতাল ভৈৰৱী’’, ‘‘কায়কল্প’’, ‘‘যাকেৰি নাহিকে উপাম’’, ‘‘সেহি গুণনিধি’’ আদি ৷

এইগৰাকী প্ৰথিতযশা সাহিত্যিকৰ দেহাৱসানত তেখেতৰ গৃহ জিলা নগাঁৱতো শোকৰ ছাঁ পৰিছে ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাও ড৹ লক্ষ্মীনন্দন বৰালৈ জনালো একাজলি শ্ৰদ্ধা ৷

লগতে পঢ়ক:বৰেণ্য কথাশিল্পী, সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰা: জীৱন আৰু সাহিত্য

Last Updated : Jun 3, 2021, 8:39 PM IST

ABOUT THE AUTHOR

...view details