অসম

assam

ETV Bharat / state

ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ জটিলতা আঁতৰিল - cultural minister Bimal Bora

দীঘলীয়া পৰিক্ৰমাৰ অন্তত জটিলতা আঁতৰিল সুধাকন্ঠ ড৹ ভূপেন হাজৰিকা স্মৃতি সাংস্কৃতিক প্ৰকল্প আৰু যাদুঘৰ( Dr. Bhupen Hazarika memorial Cultural Project and museum) নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ দিশে ৷ শেহতীয়াকৈ, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা(cultural minister Bimal Bora) কুঠৰীস্থিত বাসগৃহত উপস্থিত হৈ শীঘ্ৰে উক্ত স্থানত এটি সংস্কৃতিক প্ৰকল্প নিৰ্মাণ হ'ব বুলি সাংবাদিকক জানিবলৈ দিছিল ।

Dr. Bhupen Hazarika memorial Cultural Project to be start in kaliabor
ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ জটিলতা আঁতৰিল

By

Published : Aug 3, 2021, 10:47 AM IST

কলিয়াবৰ, 3 আগষ্ট : এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত সংগীতসূৰ্য‍ ড৹ ভূপেন হাজৰিকা স্মৃতি সাংস্কৃতিক প্ৰকল্প আৰু যাদুঘৰ( Dr. Bhupen Hazarika memorial Cultural Project and museum) নিৰ্মাণৰ জটিলতা আঁতৰিল । ভূপনদাৰ স্মৃতি বিজড়িত কুঠৰীৰ 'আপোন ঘৰ'ত নিৰ্মাণ হ'বলগীয়া প্ৰকল্পটোৰ ভূমি সংক্ৰান্তীয় জটিলতা দূৰ হোৱাৰ ফলত প্ৰকল্প নিৰ্মাণৰ পথ প্ৰশস্ত হ'ল । সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰীস্থিত বাসগৃহসহ সাত বিঘা ভূমি সমহৰ্তা তথা নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ে অধিগ্ৰহণ কৰি অধিকৃত ভূমিসহ ভূপেনদাৰ গৃহটি হস্তান্তৰ কৰিলে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগক ।

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নামত থকা কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বাৰ বাগৰি মৌজাৰ ন-জান গাঁৱৰ পটা নম্বৰ ১৫ আৰু দাগ নম্বৰ ২৮৮, ২৯০ আৰু ২৯১ দাগৰ মুঠ ৭ বিঘা ভূমি নিৰ্দেশনা নং এনআৰকে ১৬/২০১৮/১৩৭ (NRK 16/2018/137) তাং ১৫/০৭/২১(dt. 15/07/21) মৰ্মে জিলা উপায়ুক্তৰ প্ৰতিনিধি হিচাপে অতিৰিক্ত উপায়ুক্ত মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসে ১৬ জুলাই তাৰিখে ভূমিসহ গৃহটি হস্তান্তৰ কৰে । সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ কুঠৰিস্থিত বাসগৃহটি সংৰক্ষণ কৰি এটি সাংস্কৃতিক প্ৰকল্প গঢ়ি তোলাৰ বাবে কলিয়াবৰৰ ৰাইজ তথা ভূপেনদাৰ গুণমুগ্ধ সকলৰ দীৰ্ঘদিনীয়া দাবী আছিল ।

কলিয়াবৰীয়া ৰাইজ তথা ভূপেনদাৰ গুণমুগ্ধ সকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কুঠৰীস্থিত বাসগৃহত ইতিমধ্যে ভূপেনদাৰ প্ৰতিমূৰ্তি স্থাপন কৰি থৈছে । যোৱা ২ জুন তাৰিখে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা(cultural minister Bimal Bora) কুঠৰীস্থিত বাসগৃহত উপস্থিত হৈ শীঘ্ৰে উক্ত স্থানত এটি সংস্কৃতিক প্ৰকল্প নিৰ্মাণ হ'ব বুলি সাংবাদিকক জানিবলৈ দিছিল । মন্ত্ৰী গৰাকীয়ে এই পৰিদৰ্শন কালত বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহটোৰ পৰিসৰত প্ৰস্তাৱিত সাংস্কৃতিক প্ৰকল্প আৰু যাদুঘৰ নিৰ্মাণৰ কাম অনতি পলমে নিৰ্মাণৰ পোষকতা কৰিছিল ।

ইয়াৰ কাৰণে যাৱতীয় পুঁজি যোগানৰ ক্ষেত্ৰত ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী ৰূপে কৰণীয় সকলোখিনি আন্তৰিকতাৰে কৰিব বুলিও প্ৰতিশ্ৰুতি দিছিল বিমল বৰাই । উল্লেখযোগ্য যে, কলিয়াবৰৰ তদানীন্তন বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত সুধাকণ্ঠৰ কুঠৰীস্থিত বাসগৃহটোক এক সাংস্কৃতিক প্ৰকল্পলৈ ৰূপান্তৰিত কৰাৰ আঁচনি হাতত লৈছিল । পৰৱৰ্তী কালত দুৰ্ভাগ্যৱশত বাসগৃহটোৰ চৌহদৰ ভূমি বিবাদে বিষয়টোত জটিলতাৰ সৃষ্টি কৰিছিল ।

বৰ্তমানৰ চৰকাৰখনৰ সাংস্কৃতিক মন্ত্ৰীৰ দায়িত্ব লৈয়েই বিমল বৰাই দেখুওৱা তৎপৰতাৰ ফলতেই এতিয়া কলিয়াবৰৰ ভূপেনন্দ্ৰপ্ৰেমী ৰাইজ আনন্দিত হৈছে । ১৯৭৪ চনত শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ আহ্বানত কুঠৰীত সুধাকণ্ঠই 'আপোন ঘৰ' নামেৰে এই ঘৰ পাতিছিল । আশা আছিল, জীৱনৰ বিয়লি বেলা অসমৰ কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থা কৰি ইয়াক এক আশ্ৰম ৰূপে গঢ় দিয়া । পিছে, সেই আশা পূৰণ হোৱা দূৰৰে কথা, ঘটনা চক্ৰত পৰি সেই ঘৰ-মাটি বিক্ৰী কৰে ড৹ হাজৰিকাই ।

ভূপেনদাৰ ঘৰ-মাটিৰ নতুন গৰাকীয়ে ঘৰৰ লগতে এছোৱা ভূমি ভূপেনদাৰ স্মৃতিত এৰি দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল । স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত বৰ্তমানৰ চৰকাৰখনৰ মাজুলীত বহা প্ৰথমখন কেবিনেট বৈঠকত ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহটোৰ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে অৱস্থিত এই ঘৰটো কাজিৰঙাৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত মোহিত হৈ শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ সৈতে লগ-লাগি নিৰ্মাণ কৰিছিল ভূপেনদাই ।

লগতে পঢ়ক :অধ্যয়ন বিপ্লৱ আৰু গ্ৰাম্য পুথিভঁৰালৰ প্ৰাসংগিকতা

ABOUT THE AUTHOR

...view details