নগাঁও,১৬ ছেপ্টেম্বৰ:যি সময়ত পৱিত্ৰ চিকিৎসা বৃত্তিক একপ্ৰকাৰ কলংকিত কৰি একাংশ চিকিৎসকে অতি লাভজনক ব্যৱসায়লৈ পৰিণত কৰিছে এনে সময়ত কৰ্তব্যনিষ্ঠাৰ পৰিচয় দি বিভিন্নজনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে নগাঁৱৰ দুগৰাকী চিকিৎসকে(Two doctors from Nagaon felicitated again) । নাম ক্ষীৰদাকান্ত দাস আৰু জিয়াউদ্দিন আহমেদ । শুক্ৰবাৰেও চিকিৎসক দুগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁৱৰ এক অগ্ৰণী শিক্ষানুষ্ঠানে(Doctors felicitated in Nagaon) ।
নগাঁৱৰ চৰকাৰী চিকিৎসা খণ্ডত নিয়োজিত ক্ষীৰদাকান্ত দাস আৰু জিয়াউদ্দিন নামৰ চিকিৎসক দুগৰাকীয়ে ক'ভিড ১৯ ৰ ভৰপক সময়ত চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়াই হৈ পৰিছিল সকলোৰে শলাগৰ পাত্ৰ । বিগত ২০২০ আৰু ২০২১ বৰ্ষত ক'ভিড ১৯ য়ে ভয়াৱহ ৰূপ লোৱাৰ সময়ত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ক'ভিড আক্ৰান্ত লোকক নিষ্ঠাৰে আগবঢ়াইছিল সেৱা(Covid 19 Situation) ।
নিজ পৰিয়ালৰ পৰাও আঁতৰত থাকি দিনে নিশাই ক'ভিড আক্ৰান্তক সেৱা আগবঢ়াইছিল চিকিৎসক দুগৰাকীয়ে(Two doctors served Covid patients in Nagaon) । নিজ বাসগৃহত থকাৰ বিপৰীতে চিকিৎসালয়তে থাকি সেৱা আগবঢ়াই কৰ্তব্য নিষ্ঠাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছিল ক্ষীৰদাকান্ত দাস ওৰফে কে কে দাস আৰু জিয়াউদ্দিন আহমেদ নামৰ চিকিৎসক দুগৰাকীয়ে । চিকিৎসক দুগৰাকীৰ কৰ্তব্যপৰায়নতাৰ বাতৰি ই টি ভি ভাৰত অসমত বিস্তৃতভাৱে সম্প্ৰচাৰ হৈছিল ।